শ্বহীদ দিৱস উদযাপন। ishan news…

আজি ১০ ডিচেম্বৰ । আছুৰ শ্বহীদ দিৱস । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো আঞ্চলিক আছুৰ কাৰ্যালয়ত শ্বহীদ দিৱস উদযাপন কৰা হয় । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ ৰায়ে পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ পৰিয়ালৰ সদস্য ডা৹ শতদল ৰায়ে শ্বহীদ তৰ্পণ কৰে । শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত আছুৰ প্ৰাক্তন বিত্ত সম্পাদক মিলনজ্যোতি ৰায়,  প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয় পাৰ্থজিৎ ৰায়, গণেশ ৰায়সহ অতিথি বৃন্দ উপস্থিত থাকে ।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ক্ষেত্ৰী ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আজি শোলমাৰা বজাৰ লক্ষ্মী মন্দিৰ প্ৰাংগনত শ্বহীদ দিৱস উৎযাপন কৰা হয়। অস্তিত্বত ৰক্ষাৰ বাবে চলা অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ খাৰ্গেশ্বৰ তালুকদাৰকে ধৰি ৮৯০ গৰাকী জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে ১০ ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰি আহিছে। আজি ৰাতিপুৱা শোলমাৰা বজাৰ লক্ষ্মী মন্দিৰ প্ৰাংগনত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে। তাৰ পিছত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰজ্যোতি মহন্তই শ্বহীদ তৰ্পণ কৰে। শ্বহীদ পত্নী মঞ্জু বৰ্মনে শ্বহীদ খাৰ্গেশ্বৰ তালুকদাৰৰ প্রতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ পিছত গছপুলি ৰোপণ আৰু জিলা ভিত্তিক চিত্ৰাংগণ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে নলবাৰী জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা, শ্বহীদ শ্ৰদ্ধাঞ্জলি আৰু সন্ধিয়া নাগৰা নাম পৰিৱেশন।

কামপুৰ আঞ্চলিক ছাত্ৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত উদযাপন শ্বহীদ দিৱস। কাৰ্যসূচীৰ আৰম্ভ শ্বহীদ বেদী আৰু কলাগুৰুৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰা হয়। কামপুৰৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন প্ৰতিযোগিতাত কেইবাখনো বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ কৰে ।

Comments (0)
Add Comment