পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে। কাৰ্বন ডাই অক্সাইড বঢ়াৰ ফলত ক্ৰমাত বাঢ়িছে পৃথিৱীৰ উষ্ণতা। ২০২২ চনৰ ভিতৰত পৃথিৱীৰ উষ্ণতা ১.২৬ ডিগ্ৰী চেলছিয়াছ হয়। ২০৩০ চনৰ মাজভাগলৈকে এই সংখ্যাই ১.৫ ডিগ্ৰী চেলছিয়াছৰ ঘৰ অতিক্ৰম কৰিব। কেৱল ইমানেই নহয়, গৱেষণাত প্ৰকাশিত তথ্য মতে এই শতিকাৰ শেষৰ ফালে পৃথিৱীৰ উষ্ণতা ২.৫ ডিগ্ৰী চেলছিয়াছ হ’ব।
গৰমৰ বাবেই পৃথিৱীৰ পৰা বিলুপ্ত হব কেইবাটাও প্ৰজাতিৰ জীৱ আৰু ধ্বংস হ’ব পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ । সেয়েহে বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীসকলে সম্ভৱপৰ সকলো প্ৰকাৰে পৃথিৱী জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ চেষ্টা চলাই আছে । উল্লেখ্য যে ১৮১৫ চনত ইণ্ডোনেছিয়াৰ টাম্বোৰাত হোৱা আগ্নেয়গিৰিৰ উদ্গীৰণ আৰু ১৯৯১ চনত ফিলিপাইনছৰ পিনাটুবোত হোৱা আগ্নেয়গিৰিৰ উদ্গীৰণৰ মাজত সাদৃশ্য আছে। আগ্নেয়গিৰিৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু বিভিন্ন কণা বায়ুমণ্ডলত বিয়পি পৰে। এই ঘটনাই বহু বছৰলৈ পৃথিৱীলৈ অহা সূৰ্যৰ পোহৰৰ গতি লেহেমীয়া কৰি ৰাখিছিল। এতিয়া বিজ্ঞানীসকলে এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জলবায়ু পৰিৱৰ্তন বা উষ্ণতা বৃদ্ধি বন্ধ কৰাৰ কথা চিন্তা কৰিছে।
যিহেতু পৃথিৱীত গৰম পৰিমাণ বাঢ়ে সূৰ্য্যৰ ৰশ্মিৰ বাবে । কিন্তু সেউজ গৃহৰ গেছৰ বাবে এই তাপ বায়ুমণ্ডলত ধৰা পৰে। কিন্তু বিজ্ঞানীসকলে এতিয়া আগ্নেয়গিৰিৰ উদ্গীৰণৰ ফলত সূৰ্য্যৰ গতি লেহেমীয়া হোৱাৰ প্ৰক্ৰিয়াটো কৃত্ৰিমভাৱে পুনৰাবৃত্তি কৰাৰ কথা চিন্তা কৰিছে । বিজ্ঞানীসকলৰ মতে পৃথিৱীত ১ ডিগ্ৰী চেলছিয়াছ উষ্ণতা হ্ৰাস কৰিবলৈ হ’লে সূৰ্যৰ পোহৰ ১% লেহেমীয়া কৰিব লাগিব।
এই কথাটো আচৰিত যেন লাগিলেও কিন্তু গৱেষক সকলৰ মতে সেয়া সম্ভৱ হৈ উঠিব পাৰে। ইয়াৰ বাবে জেট বিমান ব্যৱহাৰ কৰাৰ কথা ভাবিব পাৰি যাৰ জৰিয়তে বায়ুমণ্ডলৰ ওপৰত আগ্নেয়গিৰিৰ উদ্গীৰণত সৃষ্টি হোৱা ধৰণৰ কণা বায়ুমণ্ডলত এৰি দিব পৰা যাব যিয়ে পৃথিৱীত সূৰ্যৰ পোহৰৰ আগমনৰ গতি লেহেমীয়া কৰিব।
কিন্তু সূৰ্য্যক ম্লান কৰি পৃথিৱীত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ওলোটা কৰিব নোৱাৰি। কাৰণ দিনৰ সময়ত সূৰ্য্যৰ পোহৰৰ বাবে অধিক গৰম হয় পৃথিৱী। কিন্তু সেউজ গৃহ গেছে পৃথিৱীৰ উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহনা যোগাই আহিছে ।ইফালে গৱেষক সকলৰ মতে সূৰ্য্যৰ পোহৰৰ আগমনৰ গতি লেহেমীয়া কৰিলে আমি কিছু পৰিমাণে উপকৃত হ’ম। নহলে পৃথিৱীৰ উষ্ণতা বৃদ্ধি মানুহৰ বাবেও ভয়ংকৰ বিপদ কাৰণ হৈ পৰিব । গোলকীয় উষ্ণতা বৃদ্ধিৰ ৰূপত পৃথিৱীলৈ আহিছে এক ডাঙৰ ভাবুকি।