কাইলৈ মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান । তিনিবাৰৰ বিধায়ক মোহন যাদৱে কাইলৈ মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত লব ।মধ্যপ্ৰদেশৰ মতিলাল নেহৰু ষ্টেডিয়ামত পুৱা ১১.৩০ বজাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান । ইফালে কাইলৈ সন্ধিয়া ৪ বজাত ৰায়পুৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব বিষ্ণু দেৱ ছাইয়ে। মধ্যপ্ৰদেশ আৰু ছত্তীশগড় দুয়োখন ৰাজ্যতে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপৰিও কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত ।
যোৱা ১৭ নৱেম্বৰত অনুষ্ঠিত মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত ২৩০ জনীয়া বিধানসভাত ১৬৩খন আসন লাভ কৰি বিজেপিয়ে মধ্যপ্ৰদেশৰ ক্ষমতা অক্ষুণ্ণ ৰাখিছিল । ইফালে কংগ্ৰেছে ৬৬খন আসনেৰে দ্বিতীয় স্থান লাভ কৰিছিল।
কাইলৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব বিষ্ণু দেৱ ছাইয়ে ।ৰাজ্য খনৰ মুঠ ৯০খন বিধানসভা আসনৰ ভিতৰত বিজেপিয়ে ৫৪খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ২০১৮ চনত ৬৮খন আসন লাভ কৰা কংগ্ৰেছৰ এইবাৰ আসনৰ সংখ্যা ৩৫খন হয় ।