ছানী দেউল নিৰুদ্দেশ! সন্ধান দিওতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা। ISHAN NEWS…

শক্তিশালী অভিনয়ৰ বাবে লাখ লাখ অনুৰাগীৰ হৃদয়ত থকা বলীউডৰ জনপ্ৰিয় অভিনেতা ছানী দেউল নিৰুদ্দেশ হৈ আছে বুলি পঞ্জাৱত পুনৰ এবাৰ পোষ্টাৰ লগোৱা হৈছে।

কেৱল এয়াই নহয়, ছানী দেউলৰ সন্ধান দিওতাক নগদ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলিও পোষ্টাৰত উল্লেখ কৰা হৈছে।

ছানি দেউল নিৰুদ্দেশ হৈ থকাৰ পোষ্টাৰ লগোৱা এইটোৱেই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও এইধৰণৰ পোষ্টাৰ লগোৱা হৈছিল।

উল্লেখ্য যে, ছানী দেউল গুৰদাসপুৰ-পাঠানকোট লোকসভা সমষ্টিৰ বিজেপি সাংসদ। সমষ্টিটোৰ জনসাধাৰণে অভিযোগ কৰি কয় যে ছানী দেউল সাংসদ হোৱাৰ পিছৰে পৰা দুয়োখন জিলাতে তেওঁক পুনৰ দেখা পোৱা নাই, সমষ্টিটোত উন্নয়নৰ কোনো কামো কৰা নাই।

সাৰনা বাছ ষ্টেণ্ডত লগোৱা হৈছে নিৰুদ্দেশৰ পোষ্টাৰ। ছানী দেউলক লৈ পাঠানকোট জিলাৰ হালকা ভোৱাৰ ৰাইজে অহৰহ ক্ষোভ প্ৰকাশ কৰি আহিছে।

নিৰুদ্দেশৰ এই পোষ্টাৰ পাঠানকোট জিলাত প্ৰথমবাৰৰ বাবে লগোৱা হোৱা নাই। ইয়াৰ পূৰ্বেও জিলাখনৰ হালকা, পাঠানকোট আৰু সুজানপুৰতো ছানী দেউলৰ নিৰুদ্দেশ সন্দৰ্ভত পোষ্টাৰ লগোৱা হৈছিল।

কিন্তু ইয়াৰ পাছতো বিজেপি সাংসদগৰাকীয়ে ৰাইজৰ মৰ্মবেদনা বুজিবলৈ চেষ্টা নকৰিলে। তেওঁ কেতিয়াও নিজৰ লোকসভা সমষ্টিলৈ নাহিল। যাৰ বাবে দেওবাৰে পাঠানকোট লোকসভা সমষ্টিত পুনৰ দেখা গ’ল ৰাইজৰ ক্ষোভ।

প্ৰতিবাদকাৰী ৰাইজে বাছেৰে যাত্ৰা কৰি ৰাইজৰ মাজত পোষ্টাৰ বিতৰণ কৰাৰ লগতে বাছত আঁৰি দিয়ে যাতে তেওঁলোকৰ বাৰ্তা তেওঁলোকৰ সাংসদৰ ওচৰলৈ যায়।

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ যে ছানী দেউলে সাংসদ হোৱাৰ পিছত কেতিয়াও নিজৰ লোকসভা সমষ্টিলৈ অহা নাছিল, অঞ্চলটোত উন্নয়নৰ কোনো কামো কৰা নাই।

ৰাইজে কয় যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোনো দলে এনে লোকক টিকট দিব নালাগে। ইয়াৰ সমান্তৰালকৈ প্ৰতিবাদকাৰীসকলে কয় যে যিয়ে বিজেপিৰ সাংসদ ছানী দেউলৰ সন্ধান দিব তেওঁক ৫০ হাজাৰ টকাৰ পুৰস্কাৰ দিয়া হ’ব।

Comments (0)
Add Comment