মঙলবাৰে নিশা গুৱাহাটীৰ সমীপৰ জাগীৰোডত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, মটৰ চাইকেলেৰে আহি থকা অৱস্থাত যুৱক দুজনক এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱকজনক ৰোমান বৰকটকী বুলি চিনাক্ত কৰা হৈছে। তেওঁ জাগীৰোড মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। ইয়াৰ উপৰি ছাত্ৰ সংগঠন এ বি ভি পিৰ প্ৰাক্তন সদস্য হোৱাৰ বিপৰীতে বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰ্তমানৰ সদস্যও আছিল।
জানিব পৰা মতে, যুৱক দুজনে বেলেগ বেলেগ মটৰ চাইকেলেৰে আহি থকা অৱস্থাত ট্ৰাকখনে খুন্দিয়াইছিল। এই ঘটনাত ৰোমান বৰকটকীৰ ঘটনাস্থলতে মৃত্যু হোৱাৰ বিপৰীতে আনজন যুৱক গুৰুতৰভাৱে আহত হয়।
জাগীৰোডৰ ভোমোৰাগুৰি গাঁৱত সংঘটিত দুৰ্ঘটনাটোত আহত হোৱা যুৱকজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে।