দশম, দ্বাদশ শ্ৰেণী উত্তীণৰ বাবে ৰেল বিভাগত চাকৰি। কেনেকৈ কৰিব আৱেদন

দশম, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱক-যুৱতীৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি। হাজাৰ হাজাৰ নিৱনুৱা শিক্ষাৰ্থীলৈ আহিছে ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৩ হাজাৰ খাদী পদ পূৰণৰ প্ৰস্তুতি চলোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগেও চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। ৰেল বিভাগে শেহতীয়াকৈ ৩,০৯৩ টা খালী পদৰ বাবে আবেদন বিচাৰিছে।

এই পদসমূহত দশম আৰু দ্বাদশ উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আৱেদন। প্ৰাৰ্থীসকল আইটিআই পাঠ্যক্ৰম উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। ১৫-২৪ বছৰ বয়সৰ ভিতৰৰ প্ৰাৰ্থীসকলে আৱেদন কৰিব পাৰিব। আৱেদনকাৰীসকলে ১০০ টকা মাছুলসহ অনলাইনৰ জৰিয়তে কৰিব লাগিব আৱেদন। rrcnr.org  ৱেৱছাইটৰ জৰিয়তে প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব। এই এপ্লিকেচন লিংক খোলাৰ পাছতে আৱেদন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব লগতে পৰিশোধ কৰিব লাগিব ১০০ টকা মাছুল। যোগ্যতা নিৰ্বাচনৰ বাবে লিখিত পৰীক্ষাত বহিব নালাগে আবেদনকাৰীয়ে। আবেদনৰ স্ক্ৰীনিং আৰু তদন্তৰ ভিত্তিত বাছনি কৰা হব প্ৰাৰ্থী। দশম শ্ৰেণীত ৫০শতাংশ নম্বৰপ্ৰাপ্ত আৰু কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীয়ে কৰিব পাৰিব আৱেদন। অহা ১১ জানুৱাৰীলৈ কৰিব পাৰিব আৱেদন।

উল্লেখ্য যে এই খালী পদসমূহত ৰেল বিভাগে এইবাৰ স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বিষয়টো উত্থাপন হৈছে।

Comments (0)
Add Comment