এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফুটবল খেলৰ মাজতে ভয়ংকৰ ঘটনা। খেলুৱৈসকলে ফুটবল খেলি থকাৰ মাজতে হঠাৎ আকাশৰ পৰা নামিল বিজুলী ধেৰেকনি। বজ্ৰপাত পৰি মৃত্যুমুখত পৰে এগৰাকী ২১ বছৰীয়া ফুটবল খেলুৱৈৰ। গুৰুতৰভাবে আহত হয় ৬ গৰাকীকৈ খেলুৱৈ।
ব্ৰাজিলৰ চেণ্টো এণ্টোনিঅ দা প্লেটিনাত সংঘটিত হয় এই ভয়াৱহ ঘটনা । মৃত্যু হোৱা ২১ বছৰীয়া ফুটবল খেলুৱৈ গৰাকীৰ নাম কেঅ হেনৰিক ডি লিমা গনকালভেচ। সুচাৰুৰূপে চলি থকা খেলখনত হঠাৎ ঘটা এনে ঘটনাৰ পাছতে ২১ বছৰীয়া খেলুৱৈগৰাকীৰ প্ৰতি শোক ব্যক্ত কৰিছে ক্ৰীড়াপ্ৰেমীয়ে।
খেলৰ মাজতে বজ্ৰপাত পৰাৰ ভয়ংকৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভিডিঅ’টিত স্পষ্ট ৰূপে দেখা গৈছে যে কেনেকৈ দৌৰি থকা অৱস্থাত একাংশ খেলুৱৈ ঢলি পৰিল খেলপথাৰত।
ঘটনাৰ পাছতে চিকিৎসকৰ দল আহি ততাতৈয়াকৈ চিকিৎসা চলাই আঘাতপ্ৰাপ্ত খেলুৱৈ সকলক। কিন্তু দুৰ্ভাগ্যবশতঃ হাস্পতালতে মৃত্যু হয় ২১ বছৰীয়া কেঅ হেনৰিকৰ।
খবৰ অনুসৰি মেচৰ আৰম্ভনিৰে পৰা নিৰন্তৰ মুষলধাৰ বৰষুণ হৈছিল অঞ্চলটোত। যাৰ ফলত হঠাৎ অহা বজ্ৰপাতে প্ৰাণ কাঢ়িলে ফুটবল খেলুৱৈ গৰাকীৰ।