নগাঁৱৰ চলচলি-মাজৰআটিৰ দুই সন্তানৰ পিতৃ ইউছুফ আলী নামৰ লোকজনে কেইমাহমানৰ পূৰ্বে কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলিছিল।
কিন্তু শুক্ৰবাৰে চলচলি-মাজৰআটিৰ দৰিদ্ৰ পৰিয়ালটোলৈ আহিল বেয়া খবৰ। হায়দৰাবাদত দুই বন্ধুৰ সৈতে বজাৰ কৰি ঘূৰি অহাৰ পথত এখন ৰে’লে মহতিয়াই গুৰুতৰভাৱে আহত কৰে ইউছুফক। মুমূৰ্ষ অৱস্থাত ইউছুফক হাইদৰাবাদৰে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইউছুফ স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ হোৱাত মূৰৰ জটিল অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়।
চলচলি-মাজৰআটিৰ ৰাইজে প্ৰায় ডেৰ লক্ষাধিক টকা যা-যোগাৰ কৰি ইউছুফৰ অস্ত্ৰোপচাৰ কৰাত সহায় কৰে যদিও পৰৱৰ্তী জৰুৰী চিকিৎসা অথবা ইউছুফক চলচলিৰ নিজা ঘৰখনলৈ ওভোটাই আনিবৰ বাবে প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ।
ইউছুফক চলচলিৰ নিজ ঘৰখনলৈ ওভোটাই আনিবৰ বাবে আৰ্থিক সাহায্যৰ বাবে চৰকাৰ তথা অসমবাসী ৰাইজলৈ কাতৰ আহ্বান দৰিদ্ৰ অসহায় পৰিয়ালটোৰ। পত্নী ৰচিদা খাতুনৰ নামত ষ্টেট বেংক অফ্ ইণ্ডিয়াৰ SBIN0016522 IFSCode সম্বলিত নগাঁৱৰ পানীগাঁও চাৰিআলি শাখাত থকা 42350608267 নম্বৰৰ একাউণ্টত অৰ্থসাহায্য প্ৰদান কৰি পৰিয়ালটোক আপুনিও কৰিব পাৰিব সহায়।