ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ ছোটেডোংগৰ থানা এলেকাৰ আমদৈ খনিৰ সমীপত নিৰাপত্তাৰক্ষী দলৰ ওপৰত মাওবাদীয়ে ভয়ংকৰ আক্ৰমণ কৰাৰ খবৰ পোহৰলৈ আহিছে।
জোৱানসকলৰ ওপৰত আই ই ডি বিস্ফোৰণৰ লগতে নিৰ্বিচাৰভাৱে গুলীচালনা কৰা হয়। এই আক্ৰমণত নৱম কৰ্পছৰ কনিষ্টবল কমলেশ কুমাৰ নামৰ এজন জোৱান শ্বহীদ হয়।
আনহাতে বিনয় কুমাৰ নামৰ আন এজন জোৱান আহত হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক নাৰায়ণপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষী বাহিনী আৰু ডি আৰ জিৰ উপৰি আই টি বি পিৰ জোৱানে তালাচী অভিযান চলাই আছে।
উল্লেখ্য যে, বুধবাৰে বিয়লি ৪ বজাত ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সায়য়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেওঁৰ লগতে উপ-মুখ্যমন্ত্ৰীৰূপে অৰুণ সাও আৰু বিজয় শৰ্মাইও শপত গ্ৰহণ কৰিব।
শপতগ্ৰহণ অনুষ্ঠানৰ বাবে ৰায়পুৰত কটকটীয়া নিৰাপত্তা আৰু হাজাৰ হাজাৰ আৰক্ষী জোৱান নিয়োগ কৰাৰ মাজতে নাৰায়ণপুৰত নক্সালবাদীয়ে আক্ৰমণ সংঘটিত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।