সূৰ্যকুমাৰ যাদৱে ৰচিলে ইতিহাস, ভংগ কৰিলে ধোনীৰ অভিলেখ । ISHAN NEWS…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ৫ উইকেটত পৰাস্ত হয় আলহী দল ভাৰত। মঙলবাৰে অনুষ্ঠিত হৈ যোৱা মেচখনত ভাৰত পৰাস্ত হ’লেও দলক নেতৃত্ব প্ৰদান কৰা সূৰ্যকুমাৰ যাদৱে তেওঁৰ নামত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ভাৰতৰ হৈ সূৰ্যকুমাৰে ৩৬টা বলত ৫৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। য’ত আছিল ৫টা চাৰি আৰু ৩টা ছয়।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় টি-২০ত এয়া সূৰ্যকুমাৰৰ ১৭ সংখ্যক অৰ্ধশতক। এই অৰ্ধশতকৰ জৰিয়তে সূৰ্যই ভংগ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ধোনীৰ অভিলেখ।  

দক্ষিণ আফ্ৰিকাত আন্তঃৰাষ্ট্ৰীয় টি-২০ত অৰ্ধশতক অৰ্জন কৰা সূৰ্য ভাৰতৰ একমাত্ৰ অধিনায়ক হিচাপে পৰিগণিত হৈছে।

অধিনায়ক হিচাপে দক্ষিণ আফ্ৰিকাত ধোনীয়ে ২০০৭ চনত ৪৫ ৰানৰ ইনিংছ খেলিছিল। এতিয়া অধিনায়ক হিচাপে দক্ষিণ আফ্ৰিকাত টি-২০ত সৰ্ববৃহৎ ইনিংছ খেলা ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে সূৰ্য।

আনহাতে সূৰ্যই টি-২০ ইণ্টাৰনেশ্যনেলত বিশেষ অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। কালি অনুষ্ঠিত হৈ যোৱা মেচখনতে সূৰ্যই টি-২০ ইণ্টাৰনেশ্যনেল কেৰিয়াৰত ২০০০ ৰান সম্পূৰ্ণ কৰিছে।

টি-২০ ইণ্টাৰনেশ্যনেলত দ্রুতগতিত ২০০০ ৰান সম্পূর্ণ কৰাৰ ক্ষেত্ৰত কোহলীক স্পৰ্শ কৰিছে সূর্য কুমাৰ যাদৱে৷ কোহলীয়ে ৫৬ ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল। সূৰ্যইও টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৫৬ ইনিংছত ২০০০ ৰান সংগ্ৰহ কৰে।

টি-২০ ইণ্টাৰনেশ্যনেলত দ্ৰুত গতিত ২০০০ ৰান সংগ্ৰহ কৰাৰ অভিলেখ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ নামত আছে। দুয়োজনে মাত্ৰ ৫২টা ইনিংছত ২০০০ ৰান সম্পূৰ্ণ কৰিছিল।

Comments (0)
Add Comment