বোকাখাতত সৰিয়হ ফুলে খেতিপথাৰ হালধীয়া কৰি তুলিছে।
সৰিয়ঁহ ফুলৰ অস্বাদনে খেতিপথাৰ হালধীয়া কৰি তুলিছে। খেতিপথাৰলৈ গ’লে এনে লাগে যেন হালধীয়া বৰণৰ এখন বিশাল চাদৰ। এই সুন্দৰ পৰিবেশৰ মাজত নিজকে এৰি দি বিভোৰ হৈ পৰিব আপুনি। এই নান্দনিক দৃশ্য বোকাখাত ধনশিৰি মুখৰ। এই সুন্দৰ খেতিপথাৰ দেখিয়েই কৃষকৰ মুখত হাঁহি বিৰিঙাইছে। এই হালধীয়া ফুলৰ বিশাল পথাৰ চুমি এতিয়া কৃষকৰ হাড়ভঙা ফচলৰ ৰং।