শ্বাহী ইদগাহ মছজিদৰ ASI জৰীপত অনুমোদন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

শ্ৰীকৃষ্ণ জন্মভূমি গোচৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত।এলাহাবাদ উচ্চ ন্যায়ালয়ে আজি শ্বাহী ইদগাহ মছজিদৰ ASI জৰীপত অনুমোদন জনায়।শ্ৰীকৃষ্ণ জন্মভূমি আৰু মথুৰাৰ শ্বাহী ইদগাহ মছজিদৰ গোচৰ  সন্দৰ্ভত হিন্দু পক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ত অধিবক্তা আয়ুক্তৰ জৰিয়তে বিবাদিত চৌহদৰ জৰীপৰ দাবীত আৱেদন দাখিল কৰিছিল ।ন্যায়াধীশ মায়ংক কুমাৰ জৈনৰ একক বিচাৰপীঠে আজি আদালতত এই ৰায় দিয়ে ।

হিন্দু পক্ষই প্ৰথমে মথুৰা আদালতত এই দাবী উত্থাপন কৰিছিল। ২০২২ চনৰ ডিচেম্বৰ মাহত মথুৰা আদালতে সাধাৰণ জৰীপত অনুমোদন জনাইছিল যদিও মুছলমান পক্ষই উচ্চ ন্যায়ালয়ত দাখিল কৰা আপত্তিৰ পিছত জৰীপ চলাব পৰা নাছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছত এতিয়া মুছলমান পক্ষ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সম্ভাৱনা আছে ।

 উল্লেখ্য যে , হিন্দু পক্ষই মথুৰা আদালতত ১৩.৩৭ একৰ মাটিৰ মালিকীস্বত্বৰ দাবীত আবেদন দাখিল কৰিছিল। ইফালে মুছলমান পক্ষই আদালতৰ এই নিৰ্দেশক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।

 হিন্দু পক্ষৰ মতে ১৭ শতিকাত মন্দিৰ ভাঙি এই মছজিদ নিৰ্মাণ কৰা হৈছিল। প্ৰমাণ হিচাপে মছজিদৰ দেৱালত পদুম ফুল আৰু সাপৰ আকৃতি  খোদিত আছে বুলি উল্লেখ কৰে হিন্দু পক্ষই   

১৯৬৮ চনত শ্ৰীকৃষ্ণ জন্মস্থান সেৱা সংস্থা আৰু শ্বাহী মছজিদ ইদগাহ ট্ৰাষ্টৰ মাজত স্বাক্ষৰিত  চুক্তি মতে ১৩.৩৭ একৰ মাটিৰ ভিতৰত ১০.৯ একৰ মাটি কৃষ্ণ জন্মভূমিক দিয়া হয় আৰু ২.৫ একৰ মাটি মছজিদক দিয়া হয়।

 শ্ৰীকৃষ্ণ জন্মভূমি আৰু শ্বাহী মছজিদ বিবাদৰ মুঠ ১৮টা গোচৰৰ শুনানি এতিয়াও চলি আছে উচ্চ ন্যায়ালয়ত

Comments (0)
Add Comment