৫৬ সংখ্যক জন্মদিনৰ দিনটোতে ৰাজস্থানৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে ভজন লাল শৰ্মাই । ৰাজস্থানৰ ৰাজনীতিত বিজেপি দলৰ এগৰাকী সাধাৰণ কৰ্মীৰ পৰা মুখ্যমন্ত্রীলৈ উত্তৰণ ঘটে ভজনলাল শৰ্মাৰ ।
আজিৰ পৰা তিনিটা দশকৰ আগতে ২৭ বছৰ বয়সত ভৰতপুৰ জিলাৰ এখন গাওঁৰ চাৰপাঞ্চ হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল ভজনলাল শৰ্মাৰ। দলৰ হৈ নিষ্ঠাৰে কাম কৰা ভজন লাল শৰ্মাই বিভিন্ন কৰ্মত দেখুৱা দক্ষতা আৰু নিষ্ঠাৰ বলতেই এদিন লাভ কৰিছিল ৰাজস্থান ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ।
সদায় শেষৰ শাৰীত থিয় হৈ দলৰ হৈ কামকৰি যোৱা ভজনলাল শৰ্মাই ২০২৩ চনত প্ৰথমবাৰৰ বাবে জয়পুৰৰ ছাংগেনাৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে ।
RSS ৰ ঘোৰ সমৰ্থক তথা RSS ৰ কৰ্মী ভজনলাল শৰ্মাই ১৯৯২ চনত অযোধ্যাৰ বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনত সক্রিয়ভাবে অংশগ্ৰহণ কৰাৰ লগতে কাৰাবাসো খাটিছিল ।
বিগত ৩০ টা বছৰত বিভিন্ন দায়িত্ব সুচাৰুপে সম্পন্ন কৰা ভজনলাল শৰ্মাই কলেজত পঢ়ি থকা দিনবোৰত ভাৰতীয় জনতা যুৱ মৰ্চা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দায়িত্বও গ্ৰহণ কৰিছিল । ১৯৯০ চনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জম্মু কাশ্মীৰ অভিমুখে উলিওৱা বিশাল শোভাযাত্রাত ভজনলাল শৰ্মাইও অংশগ্ৰহণ কৰিছিল ।
ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ভজন লাল শৰ্মাই পৰিয়াল চলাবৰ বাবে জড়িত হৈ আছিল কৃষি যোগানৰ ব্যৱসায়ৰ লগত । RSS আৰু বিজেপিৰ এগৰাকী নিৰৱ তথা নিষ্ঠাবান কৰ্মী ভজনলাল শৰ্মাই নিজ গুণ আৰু দলৰ হৈ কৰা পৰিশ্ৰমৰ বাবেই দলৰ শীৰ্ষ নেতা সকলৰ দৃষ্টিত পৰিবলৈ সক্ষম হোৱা ভজনলাল শৰ্মাক সেয়েহে এইবাৰ দলে অৰ্পণ কৰিছে ৰাজস্থানৰ দৰে এখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ দায়িত্ব ।