মহিলা ন্যায়াধীশৰ ইচ্ছা মৃত্যুৰ পত্র , তৎপৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা ন্যায়াধীশৰ ইচ্ছা মৃত্যু সম্পৰ্কীয় এখন পত্র সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি, ৱাই , চন্দ্ৰচূড়ে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিছে । মুখ্য ন্যায়াধীশ গৰাকীয়ে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছে । জানিব পৰা মতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে তাৎক্ষণিক ভাবে উচ্চতম ন্যায়ালয়ৰ মহাসচিব অতুল এম কুৰহেকাৰক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা প্ৰতিবেদন বিচাৰিবলৈ নিৰ্দেশ দিয়ে ।


সামাজিক মাধ্যমত ভাইৰেল হোৱা পত্রৰ পৰা জানিব পৰা মতে, মহিলা ন্যায়াধীশ গৰাকী শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ অহাৰ বাবে ইচ্ছামৃত্যু বিচাৰিছিল । মহিলা ন্যায়াধীশ গৰাকীৰ মতে, জিলা ন্যায়াধীশ আৰু ন্যায়াধীশ গৰাকীৰ ঘনিষ্ঠ আত্মীয়ই মহিলা ন্যায়াধীশ গৰাকীক মানসিক আৰু শাৰীৰিক ভাবে নিৰ্যাতন চলাইছিল ।
মহিলা ন্যায়াধীশ গৰাকীয়ে সদৰী কৰা মতে , এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য সংশ্লিষ্ট বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছতো কোনো এগৰাকী বিষয়াই নিৰ্যাতনৰ বলী হোৱা মহিলা ন্যায়াধীশ গৰাকীক কোনো ধৰণৰ কথা নোশোধাত হতাশ হৈ পৰিছিল মহিলা ন্যায়াধীশ গৰাকী । সেয়েহে ইচ্ছা মৃত্যু বিচাৰি পত্র লিখিছিল মহিলা ন্যায়াধীশ গৰাকীয়ে ।

Comments (0)
Add Comment