গুৱাহাটীৰ সমীপৱৰ্তী যোৰাবাটৰ উৰণীয়া সেঁতুৰ ওপৰত আজি বিয়লি সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা তিনিজন ছাত্ৰৰ দুজনৰ মৃত্যু ঘটিছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সোণাপুৰৰ কামাৰকুছিস্থিত ডন বস্কো বিশ্ববিদ্যালয়ৰ তিনিজন ছাত্ৰৰ দুজনক জি এম চি এইচ্চৰ চিকিৎসকে মৃত ঘোষণা কৰিছে।
উল্লেখ্য যে, যোৰাবাট উৰণ সেঁতুৰ ওপৰত কাৰিকৰী বিজুতিৰ বাবে ৰখাই থোৱা NL 01 AE 1887নম্বৰৰ এখন খালী ট্ৰাকত সোণাপুৰৰ দিশৰ পৰা অহা AS01 EJ 7870 নম্বৰৰ তীব্ৰ বেগী ৰয়েল এনফিল্ডে তীব্ৰ বেগত খুন্দা মাৰে।
ৰয়েল এনফিল্ডখনত আৰোহী হিচাপে আছিল তিনিওজন ছাত্ৰ। এতিয়ালৈকে মৃত ছাত্ৰ দুজনৰ সঠিক পৰিচয় উদ্ধাৰ কৰিব পৰা নাই।