১৭ ডিচেম্বৰত দিহানামেৰে বিশ্ব অভিলেখৰ প্ৰস্তুতি কেইদিনমানলৈ স্থগিত। অসমৰ বিভিন্ন জিলাৰ গঠনমূলক সভাপতি-সম্পাদিকাসকল একগোট গৈ ১৬ তাৰিখে যিখিনি খুতিনাথি আছিল সেইখিনি সমাধান কৰি তেওঁলোকৰ প্ৰস্তাৱ লৈ মুখ্যমন্ত্ৰী ওচৰত সকলো মহিলাই আলোচনা মাধ্যমেৰে পুনৰ এটা তাৰিখ লৈ এই তাৰিখটো স্থগিত ৰাখিব বুলি ৰাইজক অৱগত সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিয়ে ।
‘চৰকাৰৰ সাহায্য অবিহনে এই অনুষ্ঠান পতাত সম্ভৱ নহয়’ ৪ কোটি টকাৰ বাজেট লৈ দিহানাম অভিলেখ গঢ়াৰ প্ৰস্তুতি কৰিছিল যদিও আৰ্থিক দিশ কিছু দুৰ্বল পৰাত চৰকাৰী-বেচৰকাৰী সংগঠনৰ লগতে মুখ্যমন্ত্ৰীয়ে যাতে দিহানাম বিশ্ব অভিলেখ গঢ়াত সহযোগ কৰে তাৰ বাবে অনুৰোধ শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ ।
৬০ হাজাৰ মহিলা আছে আৰু এগৰাকী মহিলাৰ পৰা ১০০ টকা কৈ লোৱা হৈছিল যদিও বৰ্তমান ৪০ লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি মন্তব্য কৰে সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিয়ে।