আপুনি ‘ভাল খাদ্য’ নাখায় নেকি? দেশৰ ৭৪ শতাংশ লোকে খাবলৈ পোৱা নাই স্বাস্থ্যকৰ খাদ্য

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনে শেহতীয়াকৈ সকলোকে আচৰিত কৰিছে।এই প্ৰতিবেদনমতে, ২০২১ চনত ৭৪.১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। ২০২০ বৰ্ষত এই পৰিসংখ্যা আছিল ৭৬.২ শতাংশ। চুবুৰীয়া পাকিস্তানত ৮২.২ শতাংশ লোক হৈছে স্বাস্থ্যকৰ খাদ্য খাব পৰা নাই। আনহাতে, বাংলাদেশত ৬৬.১ শতাংশ লোকে খাবলৈ পোৱা নাই স্বাস্থ্যসন্মত খাদ্য।

মানুহে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ নকৰাৰ কাৰণো দাঙি ধৰা হৈছে প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি, উপাৰ্জন হ্ৰাস আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে বহুলোকে ভাল খাদ্য খাব নোৱাৰে। প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছে যে বৰ্ধিত মুদ্ৰাস্ফীতি আৰু হ্ৰাস হোৱা উপাৰ্জনৰ বাবে মানুহৰ বাবে দিনত দুবাৰকৈ আহাৰ গ্ৰহণ কৰাটোও কষ্টকৰ হৈ পৰিছে। এনে পৰিস্থিতিত, তেওঁলোকে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাৰ বিষয়েও ভাবিব নোৱাৰে।

‘Regional Overview of Food Security and Nutrition 2023: Statistics and Trends’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে ক’ভিড-19 মহামাৰী আৰু “5এফ” সংকটৰ বাবে  বহু লোকে অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হৈছে। মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱত খাদ্যৰ দৰ বৃদ্ধি হোৱাৰ ফলত ১১২ নিযুতৰো অধিক লোকে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিব পৰা নাই।

FAO-ৰ প্ৰতিবেদন অনুসৰি, ভাৰতত এজন ব্যক্তিয়ে তেওঁৰ আহাৰত প্ৰতিদিনে 247 টকা খৰচ কৰে। এই অনুসৰি,  এজন ব্যক্তিয়ে প্ৰতিমাহে আহাৰৰ বাবে খৰচ কৰে ৭৩১০ টকা। চাৰিজনীয়া পৰিয়ালত এই পৰিমাণ হৈছে ২৯২১০ টকা, যি ভাৰতৰ প্ৰতিজন ব্যক্তিৰ উপাৰ্জন নহয়।

পৰিসংখ্যা অনুসৰি, প্ৰায় ৮০ কোটি অৰ্থাত্ ৬০ শতাংশ ভাৰতীয় লোকে চৰকাৰে প্ৰদান কৰা ৰাজসাহায্যযুক্ত ৰেচনৰ ওপৰত নিৰ্ভৰ কৰে। বিনামূলীয়া ৫ কিলোগ্ৰাম খাদ্যশস্যৰ উপৰিও প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত হিতাধিকাৰীসকলক প্ৰতি মাহে ২-৩ টকাত শস্য প্ৰদান কৰা হয়।

প্ৰতিবেদন অনুসৰি বিশ্বৰ এক বৃহৎ জনসংখ্যা এতিয়াও খালী পেটে শুবলগীয়া হয়। এনে পৰিস্থিতিত ২০৩০ চনলৈ  ভোকাতুৰ লোকৰ সংখ্যা হ’বগৈ ৮৪ কোটি। এনে পৰিস্থিতিত ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানকে ধৰি বিশ্বৰ বহুতো দৰিদ্ৰ আৰু পিছপৰা দেশৰ পৰিস্থিতি অনাগত সময়ত অধিক গুৰুতৰ হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, দেশত প্ৰতি বছৰে প্ৰতিজন ব্যক্তিৰ বাবে ৫০ কিলোগ্ৰাম খাদ্যৰ অপচয় হয়। প্ৰতি বছৰে দেশত ৬৮,৭৬০,১৬৩ টন খাদ্য অপচয় হয়। আমেৰিকাত এই সংখ্যা হৈছে ১৯,৩৫৯,৯৫১ টন, আনহাতে চীনত, ৯১,৬৪৬,২১৩ টন খাদ্য অপচয় হয়।                                                                                                                                                                                                                                                                                                                                                                                                                                                                                   

Comments (0)
Add Comment