এখন ঐতিহাসিক টেষ্ট মেচ য’ত, ভাৰতীয় আৰু কুকুৰৰ বাবে অনুমতি নাই

আজি ভাৰতৰ মাটিত ভাৰত বনাম ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচৰ ৯০ সংখ্যক বাৰ্ষিকী।১৯৩৩ চনৰ ১৫ ডিচেম্বৰত ঐতিহাসিক বম্বে জিমখানা খেলপথাৰত অনুষ্ঠিত হোৱা টেষ্ট মেচত ভাৰতীয় আৰু কুকুৰৰ বাবে অনুমতি দিয়া হোৱা নাছিল।পাটিয়ালাৰ মহাৰজাই তেওঁৰ স্বদেশীসকলৰ সৈতে কৰা আচৰণত অসন্তুষ্ট হৈ তাৰপিছতে ভাৰতীয় ক্ৰিকেট ক্লাব আৰু ব্ৰেবোৰ্ণ ষ্টেডিয়াম স্থাপন কৰিছিল,যাৰ পেভিলিয়নত কোনো বৰ্ণবাদী নিষেধাজ্ঞা প্ৰয়োগ কৰা হোৱা নাছিল।

৯১ বছৰ পূৰ্বে,এটা সৰ্বভাৰতীয় ক্ৰিকেট দলে ১৯৩২ চনৰ ২৫ জুনত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেলিবলৈ ইংলেণ্ড ভ্ৰমণ কৰিছিল।লৰ্ডছত অনুষ্ঠিত চাৰিদিনীয়া টেষ্ট মেচখনে ভাৰতীয় ক্ৰিকেটৰ এক সফল আৰম্ভণি নিশ্চিত কৰিছিল।তাৰ এবছৰৰ পিছত,১৫ ডিচেম্বৰত কৰ্ণেল চি কে নায়ডুৰ নেতৃত্বত দলটোৱে বম্বে জিমখানা ক্লাবত ডগলাছ জাৰ্ডাইনৰ ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেলিছিল।এই ঐতিহাসিক দিনটোৰ ৯০ বছৰ সম্পূৰ্ণ হোৱাৰ দিনা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে এক্সযোগে এখন ফটো শ্বেয়াৰ কৰি শৈশৱৰ স্মৃতি ৰোমন্থন কৰে। ভাৰতীয় দল গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পাটিয়ালা মহাৰজা ভূপিন্দৰ সিঙে ১৯৩৩ চনত বিচিচিআইৰ সহায়ক সংস্থা ক্ৰিকেট ক্লাব অৱ ইণ্ডিয়া সৃষ্টি কৰে।এই ঐতিহাসিক টেষ্ট মেচ খন ইংলেণ্ডে ৯ উইকেটত জয়লাভ কৰিছিল। কিন্তু নিঃসন্দেহে টেষ্ট মেচ খন ভাৰতৰ সমৃদ্ধ ক্ৰিকেট ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলসমূহৰ ভিতৰত এখন হৈ আছে ।

Comments (0)
Add Comment