ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক সন্মান জনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে ৭ নম্বৰ জাৰ্চিক অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে। অৰ্থাত এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটত উপলব্ধ নাথাকিব ৭ নম্বৰ জাৰ্চি।
বিচিচিআইৰ সিদ্ধান্ত অনুসৰি, ভাৰতীয় ক্ৰিকেট দলৰ আটাইতকৈ সফল তথা বিশ্ব ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক ধোনীয়ে পৰিধান কৰা ৭ নম্বৰ জাৰ্চি এতিয়াৰ পৰা কোনো খেলুৱৈয়ে পৰিধান কৰিব নোৱাৰিব।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটত জাৰ্চিক অৱসৰ দিয়াৰ এই সিদ্ধান্ত দ্বিতীয়বাৰৰ বাবে লোৱা হৈছে। ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰে পৰিধান কৰা ১০ নম্বৰ জাৰ্চি চিৰদিনৰ বাবে সংৰক্ষণৰ সিদ্ধান্ত লৈছিল বিচিচিআইয়ে।
উল্লেখ্য যে উইকেটৰক্ষী বেটছমেন তথা অধিনায়ক হিচাপে ভাৰতীয় দললৈ আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই বিচিচিআইয়ে এই সিদ্ধান্ত লোৱা বুলি জনাইছে।
বিচিচিআইৰ এগৰাকী বিষয়াই লগতে নিশ্চিত কৰে যে বৰ্তমান ভাৰতীয় দলৰ খেলুৱৈসকলক জাৰ্চিৰ বাবে মুঠ ৬০টা নম্বৰ আবণ্টন দিয়া হৈছে।