পাহৰি গ’ল নেতা-পালিনেতাই দিয়া প্ৰতিশ্ৰুতি… সপোন সপোনেই হৈ ৰ’ল জাঁজীমুখৰ পাৰঘাটবাসীৰ বাবে। ishan news

  • প্ৰসংগ-জাঁজীমুখৰ পাৰঘাটত স্থায়ী দলঙৰ । ক্ষোভিত জাঁজীমুখবাসী ।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ২০২২ চনৰ ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হোৱা মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ব । উক্ত বৈঠকত গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তৰ ভিতৰত অন্যতম এক সিদ্ধান্ত আছিল টীয়ক সমষ্টিৰ অন্তৰ্গত জাঁজীমুখৰ পাৰঘাটত এখন স্থায়ী দলং নিৰ্মাণৰ কৰাৰ । বহু প্ৰত্যাশিত ঘোষণাটিৰ পিছতে জাঁজীমুখবাসী উৎফুল্লিত হৈছিল যদিও কিন্তু কেবিনেট বৈঠক অনুষ্ঠিত হোৱা এটা বছৰ সম্পূৰ্ণ, কিন্তু আজিলৈ দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ নহ’ল ।

বানে বিধ্বস্ত কৰা জাঁজীমুখৰ জপং গাঁও, তিনিঘৰীয়া, বৰমথাউৰি, শগুনপাৰা, ওপৰ শগুনপাৰাকে ধৰি প্ৰায় ১০/১২ খন গাঁৱৰ ৰাইজে নাৱেৰে ইপাৰৰ পৰা সিপাৰ হ’ব লগীয়া হয় জাঁজীমুখৰ পাৰঘাটত । এখন স্থায়ী দলঙৰ সপোন সপোন হৈয়ে থাকিল অঞ্চলটোৰ ৰাইজৰ বাবে । প্ৰতিটো নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালিনেতাই জাঁজীমুখৰ পাৰঘাটত স্থায়ী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ পাছত প্ৰতিবাৰে এই প্ৰতিশ্ৰুতিৰ কথা পাহৰি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । কেবিনেটত গ্ৰহণ কৰা এটা সিদ্ধান্ত এটা বছৰে কাৰ্যকৰী নোহোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

https://fb.watch/oXABpq0n6p/

Comments (0)
Add Comment