নতুনকৈ বলিউডত খোজ পেলোৱা শ্বাহৰুখ খানৰ কন্যা সুহানাই লাজত পেলালে কিং খানৰ পৰিয়ালক। বিগ বি অমিতাভ বচ্চনৰ এটা জনপ্ৰিয় শ্ব’ত পিতৃৰ বিষয়ে কৰা এটা প্ৰশ্নৰ উত্তৰ ভুলকৈ দি লাজত পৰিল সুহানা।
প্ৰশ্নটো আছিল, শ্বাহৰুখ খানে এতিয়াও কোনটো সন্মান লাভ কৰিবলৈ বাকী আছে? বিকল্প চাৰিটা আছিল পদ্মশ্ৰী, লিজিয়ন অফ অনাৰ, ল’ইটোইল, অ’ৰ আৰু ভলপি কাপ।
সুহানাই তৎক্ষণাৎ উত্তৰ দিয়ে ‘পদ্মশ্ৰী’ । লগে লগে হতবাক হয় বিগ বি আৰু উপস্থিত সকলো। কাৰণ, ভাৰত চৰকাৰে শ্বাহৰুখ খানক ২০০৫ চনতে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।
সুহানাৰ উত্তৰত সকলোৱে আচৰিত হৈছিল যে তেওঁ দেউতাকৰ ইমান গুৰুত্বপূৰ্ণ এটা কথা কেনেকৈ নাজানিব পাৰে?
অৱশেষত অমিতাভ বচ্চনে সঠিক উত্তৰ ‘ভলপি কাপ’ বুলি ঘোষণা কৰে।
উল্লেখ্য যে, জয়া আখটাৰ পৰিচালিত ছবি ‘দ্য আৰ্চিছ’ ত অভিনয় কৰি বলিউডত পদাৰ্পণ কৰিছে বাদশ্বাহ কন্যা সুহানাই।