বৃহৎ সিদ্ধান্ত; ৰোহিত শৰ্মাৰ ঠাইত মুম্বাই ইণ্ডিয়ানছৰ নেতৃত্বত এইগৰাকী ক্ৰিকেটাৰ

আই পি এলৰ নিলামৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে কৰিছে এক ডাঙৰ ঘোষণা। ক্ৰিকেট অনুৰাগীক হতচকিত কৰি আগন্তুক ছিজনৰ বাবে দলটোৱে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিছে।

১০ বছৰ ধৰি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব পালন কৰি অহা ৰোহিত শৰ্মাক আঁতৰাই হাৰ্দিক পাণ্ডিয়াক দলৰ নেতৃত্বৰ ভাৰ অৰ্পণ কৰিছে।

উল্লেখ্য যে, ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে পাঁচবাৰ আই পি এল খিতাপ জয়ী হৈছিল।

ইফালে, হাৰ্দিক পাণ্ডিয়াৰো আছে নেতৃত্বৰ অভিজ্ঞতা। তেওঁ গুজৰাট টাইটানছ দলৰ নেতৃত্ব প্ৰদান কৰি দলক দুবাৰকৈ ফাইনেলত উপনীত কৰোৱাইছিল। ইয়াৰে ২০২২ ছিজনত দলে চেম্পিয়ন হোৱাৰ বিপৰীতে ২০২৩ ছিজনত ফাইনেলত পৰাস্ত হৈছিল।

২০১৩ চনত মুম্বাইৰ অধিনায়ক হৈছিল ৰোহিত শৰ্মা। তেওঁৰ অধিনায়কত্বতেই মুম্বাইয়ে পাঁচোটা খিতাপ দখল কৰিছিল। ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত চেম্পিয়ন হৈছিল মুম্বাই।

মুম্বাই ইণ্ডিয়ানছৰ গ্ল’বেল হেড অৱ পাৰফৰমেন্স মহেলা জয়ৱৰ্ধনে কয় যে এয়া ভৱিষ্যতৰ বাবে প্ৰস্তুতিৰ দিশত এক বৃহৎ পদক্ষেপ। ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই কিছুদিন পূৰ্বে গুজৰাট টাইটানছ দলৰ পৰা মুম্বাই ইণ্ডিয়ানছ দলে চুক্তিবদ্ধ কৰা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক নেতৃত্বৰ দায়িত্ব প্ৰদান কৰিছে।

আনহাতে মুম্বাই ইণ্ডিয়ানছ দলতে চুক্তিবদ্ধ হৈ থকা ৰোহিত শৰ্মাৰ এই সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া পোহৰলৈ অহা নাই।

Comments (0)
Add Comment