মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা প্রায় ১৭৫ জনৰ ভিতৰত ১৬৯ জনৰ মৃতদেহ চিনাক্ত কৰণ কৰা হয় । চিনাক্তকৰণ কৰা মৃতদেহ সমূহৰ ভিতৰত ৬৪ জনৰ মৃতদেহ পৰিয়ালক চমজাই দিয়ে চৰকাৰে ।উল্লেখযোগ্য যে , মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰা তদন্ত কমিটিৰ প্রতিবেদনত হিংসাত্মক ঘটনাত ১৭৫ জনৰ মৃত্যু হোৱাৰ লগতে ১৬৯ জনৰ মৃতদেহ চিনাক্ত কৰণ কৰাৰ তথ্য প্রকাশ পাইছে । নিৰাপত্তা বিষয়া সকলে জানিবলৈ দিয়া মতে, মৃতদেহ সমূহ মণিপুৰৰ কেইবাখনো চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছিল । হিংসাত্মক ঘটনাত নিহত যি সকলৰ মৃতদেহ ছমজাই দিয়া হৈছে সেই সকলৰ ভিতৰত ৬০ টা কুকি জনগোষ্ঠীৰ আৰু ৪ টা মেইটেই সম্প্ৰদায় লোকৰ মৃতদেহ ।
মণিপুৰত চলিত বৰ্ষৰ মে মাহত সংঘটিত হৈছিল হিংসাত্মক ঘটনা । মণিপুৰৰ জনজাতীয় ঐক্য সমিতিয়ে জানিবলৈ দিয়া মতে, আজি অৰ্থাৎ শুকুৰবাৰে ফাইজাঙৰ শ্বহীদ কবৰস্থানত হিংসাত্মক ঘটনাত নিহত কুকি লোক কেইজনৰ শেষকৃত্য কুকিসকলৰ ৰীতি নীতিৰ মাজেৰে সম্পন্ন কৰিব ।
উল্লেখযোগ্য যে, যোৱা ২৮ নৱেম্বৰত মণিপুৰ চৰকাৰক হিংসাত্মক ঘটনাত নিহত সকলৰ মৃতদেহ সমূহ পৰিয়ালৰ লোকক ছমজাই দিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছিল । যি সকলৰ মৃতদেহ চিনাক্ত কৰিব নোৱাৰা অৱস্থাত আছে বা পৰিয়ালক ছমজাই দিবলৈ ব্যৰ্থ হব সেইসকলৰ মৃতদেহ সমূহ সমাধিস্থ কৰিব লাগিব মণিপুৰ চৰকাৰে ।