বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বহু ক্ৰিকেটাৰৰ বাবে ২০২৩ বৰ্ষটো বিশেষ হৈ ৰ’ব। এই ক্ৰিকেটাৰৰ তালিকাত আছে ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন সূৰ্যকুমাৰ যাদৱ।
বিগত দুটা বছৰৰ তুলনাত চলিত বছৰটোত সূৰ্যকুমাৰে টি-২০ ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। বছৰৰ অন্তিমখন টি-২০ মেচতো সূৰ্যকুমাৰে খেলে বিস্ফোৰক শতকীয় ইনিংছ।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৪ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা মেচখনত সূৰ্যকুমাৰে ৫৬টা বলত ১০০ ৰানৰ ইনিংছ খেলে।
চলিত বছৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত কোন ১০ জন বেটছমেনৰ প্ৰদৰ্শনে অনুৰাগীক মুগ্ধ কৰিলে জানো আহক।
চলিত বৰ্ষৰ টি-২০ ইণ্টাৰনেশ্যনেলত এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে ইউ এ ইৰ মহম্মদ ৱাছিমে। ৱাছিমে ২১খন মেচৰ ২১ ইনিংছত ৮০৬ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ মুঠ ৬টা অৰ্ধশতক অৰ্জন কৰে।
টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত এক নম্বৰ স্থানত থকা ভাৰতীয় বেটছমেন সূৰ্যকুমাৰ যাদৱে চলিত বৰ্ষত এই ফৰ্মেটত খেলা ১৮খন খেলৰ ১৭টা ইনিংছত ৭৩৩ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ২টা শতক আৰু ৫টা অৰ্ধশতক অৰ্জন কৰে।
শীৰ্ষ ১০ খেলুৱৈৰ ভিতৰত সূৰ্যকুমাৰ যাদৱ এইবাৰ টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ ভাৰতীয়। অভিষেক ঘটোৱাৰ পিছৰে পৰা সূৰ্য্যই টি-২০ ইণ্টাৰনেশ্যনেলত ধাৰাবাহিকভাৱে উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। ২০২১ চনত তেওঁৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটিছিল।
২০২৩ বৰ্ষত টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ১০ গৰাকী ক্ৰিকেটাৰ
মহম্মদ ৱাছিম (ইউ এ ই) – ৮০৬ ৰান
সূৰ্য্যকুমাৰ যাদৱ (ভাৰত)- ৭৩৩
ছাইমন চেছাজি (উগাণ্ডা) – ৬৭১ ৰান
বিৰণদ্বীপ সিং (মালয়েছিয়া) – ৬৬৫ ৰান
ৰোজাৰ মুকাছা (উগাণ্ডা) – ৬৫৮ ৰান
চৈয়দ আজিজ (মালয়েছিয়া) – ৫৫৯ ৰান
মাৰ্ক চেম্পমেন (নিউজিলেণ্ড) – ৫৫৬ ৰান
কলিন্স অ’বুয়া (কেনিয়া) – ৫৪৯ ৰান
কামু লেভেৰক (বাৰ্মুডা) – ৫২৫ ৰান
ছিকন্দাৰ ৰাজা (জিম্বাবুৱে) – ৫১৫ ৰান