প্ৰসিদ্ধ উদ্যোগপতি টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাক হত্যাৰ ভাবুকি অচিনাক্ত লোকৰ। ইয়াৰ পাছতেই বৃদ্ধি কৰা হৈছে ৰতন টাটাৰ নিৰাপত্তা।
মুম্বাই আৰক্ষীলৈ অহা এটা ফোনকলত ৰতন টাটাক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। ৰতন টাটাৰ নিৰাপত্তা বৃদ্ধি নকৰিলে চাইৰাছ মিস্ত্ৰিৰ দৰে দশা হব বুলি সতৰ্ক কৰি দিয়া ফোনকলটোত। ইয়াৰ পাছতেই আৰক্ষীয়ে ভাবুকি দিয়া দুৰ্বৃত্তৰ সন্ধানত আৰম্ভ কৰে অভিযান। ৰতন টাটাক হত্যাৰ ভাবুকি দিয়া লোকজনক চিনাক্ত কৰিছে যদিও আটক কৰা নাই আৰক্ষীয়ে। তথ্য অনুসৰি ভাবুকি দিয়া লোকজন ছিজোফ্ৰেনিয়া নামৰ এক বিশেষ বেমাৰত আক্ৰান্ত হৈ আছে। যাৰ বাবে লোকজনৰ বিৰুদ্ধে একশ্যন নোলোৱাৰ সিদ্ধান্ত লৈছে আৰক্ষীয়ে।