আমেৰিকাৰ ভাৰ্জিনিয়াত এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। ইয়াত এটা ৬ বছৰীয়া শিশুৱে নিজৰ শিক্ষকক গুলীওৱা ঘটনাৰ বাবে শিশুটিৰ মাতৃক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে।
সন্তানৰ লালন-পালনত গাফিলতিৰ অভিযোগ তুলি গুলীচালনা কৰা শিশুটিৰ মাতৃক কাৰাদণ্ড প্ৰদান কৰে আদালতে।
এ পিৰ প্ৰতিবেদন অনুসৰি সন্তানৰ দোষত শাস্তি লাভ কৰা মহিলাগৰাকীৰ নাম ডেজা টেইলৰ। এই কাণ্ড সংঘটিত হৈছিল যোৱা জানুৱাৰী মাহত, যেতিয়া ডেজা টেইলৰৰ ছবছৰীয়া পুত্ৰই নিজৰ শ্বৰ্ট বন্দুকেৰে নিজৰ শিক্ষকক গুলীয়াইছিল।
এই ঘটনাত শিক্ষকগৰাকী গুৰুতৰভাৱে আহত হয়।
প্ৰতিবেদন অনুসৰি অভিযুক্ত আৰু টেইলৰৰ অধিবক্তাই ছমাহৰ শাস্তিৰ অনুৰোধ কৰিছিল যদিও আদালতে দীঘলীয়া শাস্তি প্ৰদান কৰে। ইয়াৰ পূৰ্বে আগষ্ট মাহত এই গোচৰত ২৬ বছৰীয়া টেইলৰক দোষী সাব্যস্ত কৰা হৈছিল।
শেহতীয়া শুনানিৰ সময়ত ন্যায়াধীশ ক্রিষ্টোফাৰ পেপিলে স্বীকাৰ কৰে যে টেইলৰে মাতৃ হিচাপে নিজৰ সন্তানৰ সঠিক যত্ন লোৱা নাছিল৷ এনে পৰিস্থিতিত তেওঁ নিশ্চয় শাস্তি পোৱাৰ যোগ্য।