সাগৰত বাণিজ্যিক জাহাজ হাইজেক! উদ্ধাৰৰ বাবে ৰাওনা ভাৰতীয় নৌসেনা! ishan news

আৰৱ সাগৰত হাইজেক মাল্টাৰ বাণিজ্যিক জাহাজ! সন্ধানহীন জাহাজখন উদ্ধাৰ কৰিবলৈ ইতিমধ্যে ৰাওনা হৈছে ভাৰতীয় নৌসেনা। যোৱা ১৪ ডিচেম্বৰত ভাৰতীয় নৌসেনাই লাভ কৰিছিল সতৰ্কবাণী। লগে লগে ভাৰতীয় নৌসেনাই যুদ্ধজাহাজ এমভি ৰুৱেনক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে।


হাইজেক হোৱা জাহাজখনত ১৮ জন কৰ্মচাৰী আছিল। যোৱা ১৪ ডিচেম্বৰত বিমানখনত ছয়জন অচিনাক্ত লোকে প্ৰৱেশ কৰা বুলি জাহাজখনে ইউকেএমটিঅ’ পৰ্টেললৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল।


বিমানৰ জৰিয়তে আজি সম্পূৰ্ণ এলেকাটো নিৰীক্ষণ কৰা হয়। নৌসেনাৰ প্ৰকাশ কৰা তথ্য অনুসৰি সাগৰৰ জলদুস্যই জাহাজখন হাইজেক কৰি ছোমালিয়া অভিমুখে লৈ গৈছে। ইউৰোপীয় ইউনিয়ন আৰু স্পেইনৰ নৌসেনাও জাহাজখনৰ উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। দ্য মেৰীটাইম এক্সিজিকিউটিভৰ মতে, এই জাহাজখন কোৰিয়াৰ পৰা তুৰ্কী অভিমুখে গৈ আছিল। ২০১৭ চনৰ পাছত আৰৱ সাগৰত জাহাজ হাইজেকৰ এয়া ডাঙৰ ঘটনা বুলি অভিহিত কৰা হৈছে।

Comments (0)
Add Comment