হামাছক নিঃশেষ কৰিবলৈ গৈ ভুল কৰিলে ইজৰাইলে! নিজ দেশৰ নাগৰিকৰে ল’লে প্ৰাণ। ishan news…

হামাছক নিঃশেষ কৰিবলৈ গৈ ভয়ংকৰ ভুল কৰিলে ইজৰাইলে! বঙহৰ তেজেৰে ৰাঙলী হ’ল ইজৰাইলৰ হাত! নিজৰেই দেশৰ ৩ নাগৰিকক হত্যা কৰিলে ইজৰাইলী সেনাই। গাজাৰ শেজায়াত ৩ পণবন্দী যুৱকক ভুলবশতঃ গুলীয়াই ইজৰাইলী সেনাই হত্যা কৰে। নিহত ৩ পণবন্দীৰ ভিতৰত দুজনক য়োতম হৈম আৰু সমৰ তলাক্কা বুলি চিনাক্ত কৰা হৈছে। আনজন মৃত পণবন্দীৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই ইজৰাইলে। উল্লেখ্য যে যোৱা ৭ অক্টোবৰত পণবন্দী যুৱককেইজনক অপহৰণ কৰি নিছিল হামাছে।

ইজৰাইলী সেনাৰ প্ৰৱক্তা ডেনিয়েল হগাৰীয়ে কয় যে ভুলবশতঃ পণবন্দীকেইজনৰ ওপৰত গুলীবৰ্ষণ কৰে সেনাই। এই মৰ্মান্তিৰ ঘটনাৰ দায়িত্বও স্বীকাৰ কৰিছে IDF-এ। লগতে হগাৰীয়ে কয় এই অঞ্চলতে ইজৰাইলী সেনাই কেইবাটাও সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আত্মঘাতী বোমাৰুও আছিল। বন্দীসকলে কেনেকৈ হামাছৰ বন্দীত্বৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল বুলি সোধাত হাগাৰীয়ে কয় তিনিওজন হয়তো পলাই গৈছিল নাইবা তেওঁলোকক হামাছে মুকলি কৰি দিছিল। গুলীচালনাৰ পিছৰ অনুসন্ধানতহে মৃত যুৱককেইজনৰ পৰিচয় উদ্ধাৰ কৰা হৈছিল।   

Comments (0)
Add Comment