মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰৰ সমীপৱৰ্তী এক অঞ্চলত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জনকৈ লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়।
এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি কাটোল-কালমেশ্বৰ পথৰ সোনখাম্ব গাঁৱত নিশা প্ৰায় ১২.১৫ৰ পৰা ২ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনাটো।
‘এখন বিয়াৰ অনুষ্ঠানত অংশ লৈ চাৰিচকীয়া বাহন এখনেৰে আহি থকা অৱস্থাত মালবাহী এখন ট্ৰাকৰ সৈতে মুমামুখি সংঘৰ্ষ হয়। চাৰিচকীয়া বাহনখনত সাতগৰাকী যাত্ৰী আছিল’, বিষয়াগৰাকীয়ে এই কথা জনায়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলতে দুজন লোকৰ মৃত্যু হয় আৰু আন দুজনৰ হাস্পতালত মৃত্যু ঘটে। বাকী তিনিজনক উন্নত চিকিৎসাৰ বাবে নাগপুৰলৈ লৈ অহা হয় যদিও ইয়াৰে দুজনৰ মৃত্যু ঘটে আৰু আনজনৰ সংকটজনক অৱস্থাত চিকিৎসা চলি আছে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে।