১০ কোটি টকাৰ গুটখা-সুৰাৰ বিজ্ঞাপন নাকচ কৰিলে আল্লু অৰ্জুনে। ishan news…

১০ কোটি টকাৰ গুটখা-সুৰাৰ বিজ্ঞাপন নাকচ কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে। আহিবলগীয়া নতুন ছবি ‘পুষ্পা ২: দ্য ৰুল’ৰ বাবে চৰ্চা থকা আল্লু অৰ্জুন শেহতীয়াকৈ বিশেষ এক কাৰ্যৰ বাবে দখল কৰিছে সংবাদ শিৰোনাম।

অভিনেতাগৰাকীয়ে পুষ্পা-২ত প্ৰত্যাখ্যান কৰিলে কোটি কোটি টকাৰ গুটখা-সুৰাৰ বিজ্ঞাপন। যেতিয়াই পুষ্পা-২ৰ অভিনেতাই ধুম্ৰপান কৰে তেতিয়া গুটখা আৰু সুৰাৰ ব্ৰেণ্ডসমূহৰ লগো প্ৰচাৰ কৰাটো বিচাৰিছিল ব্ৰেণ্ডসমূহে। ইয়াৰ বাবে ছবি নিৰ্মাতাক প্ৰায় ১০ কোটি টকাৰ অফাৰ দিছিল সুৰা আৰু পান মচলাৰ ব্ৰেণ্ডসমূহে। পিছে এই কোটিটকীয়া অফাৰ গ্ৰহণ কৰিবলৈ ইচ্ছুক নহল আল্লু অৰ্জুন।

ছবিখনৰ জৰিয়তে সমাজলৈ যাতে কোনো ভুল বাৰ্তা নাযায় বা বেয়া প্ৰভাৱ নপৰে তাৰ বাবে অভিনেতাগৰাকীৰ এই সিদ্ধান্ত।

Comments (0)
Add Comment