২খন মেট্ৰ ৰে’লৰ খুন্দাত ৫১৫ জন অধিক লোক আহত হৈছে। চীনৰ বেইজিঙত সংঘটিত হৈছে এই ঘটনা। প্ৰচণ্ড তুষাৰপাতৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰে’লৰ চিৰিসমূহ পিছল হৈ থকাত জৰুৰীভাৱে ব্ৰেক মৰাত সংঘৰ্ষত লিপ্ত হয় ৰে’ল দুখন। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়া নিউজৰ তথ্য অনুসৰি, বেইজিং ৰে’ল দুৰ্ঘটনাত আহত ৫১৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ৪২৩ জনক ইতিমধ্যে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে আনহাতে ৬৭ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে। উল্লেখ্য বেইজিঙত ২৭টা লাইনৰ মেট্ৰো আছে। ১৩ নিযুত লোকে এই লাইনত দৈনিক ভ্ৰমণ কৰে।