বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানক অতি শীঘ্ৰে ডাঙৰ পৰ্দাত দেখা পোৱা যাব এই বছৰৰ তৃতীয়খন ছবি ‘ডাংকি’ৰ জৰিয়তে। তেওঁৰ ছবিখন অহা ২১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাব।
মুক্তিৰ পূৰ্বে ছবিখনৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে আৰু ছবিখনে সুন্দৰভাৱে উপাৰ্জন কৰিছে।
ডাংকিৰ প্ৰথম দিনাৰ অগ্ৰিম বুকিং ৰিপ’ৰ্ট প্ৰকাশ পাইছে আৰু সেই অনুসৰি ছবিখনে প্ৰথম দিনাই ৩৭ হাজাৰৰো অধিক টিকট বিক্ৰী কৰি এক কোটি টকাৰো অধিক ব্যৱসায় কৰিছে।
এক প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানৰ আগন্তুক ছবিখনে ভাৰতত প্ৰথম দিনাই আগতীয়াকৈ বুকিং কৰি ৩৭,৬৫২ টা টিকট বিক্ৰী কৰি ১.৩৬ কোটি টকা সংগ্ৰহ কৰিছে।
ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত নিৰ্মিত ডাংকি চিনেমাখনৰ কাহিনীত এদল বন্ধুৱে আন এখন দেশলৈ যাবলৈ চোৰৰ ভুমিকা লোৱাৰ কাহিনী। পিছত তেওঁলোকে ঘৰলৈ উভতি আহিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয়।
ছবিখনত শ্বাহৰুখ খানৰ সৈতে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে তাপসী পান্নুৱে।
শ্বাহৰুখ খান আৰু তাপসী পান্নুৰ উপৰি বিকি কৌশল আৰু বোমন ইৰানীও এই ছবিখনত অভিনয় কৰিছে। ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ বাজেট মাত্ৰ ৮৫ কোটি টকা।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি শ্বাহৰুখ খানে ৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ইমান কম বাজেটৰ ছবিত অভিনয় কৰিছে।