নিষিদ্ধ হ’ল আইফোন! চৰকাৰী বিষয়াসকলক আইফোন ব্যৱহাৰত বাধা! ISHAN NEWS…

এপল কোম্পানীত মোক্ষম আঘাত।বিশ্বজুৰি জনপ্ৰিয়তাৰ মাজতে এখন দেশত নিষিদ্ধ হ’ল আইফোনৰ ব্যৱহাৰ। দেশখনৰ চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহলৈ কৰ্মচাৰীসকলে আনিব নোৱাৰিব আইফোন! যোৱা ছেপ্টেম্বৰৰ পৰা চীনে চৰকাৰী সংস্থাসমূহৰ কৰ্মচাৰীসকলক আইফোন আৰু অন্যান্য বিদেশী প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ব্লুমবাৰ্গ নিউজৰ বাতৰি অনুসৰি, আঠখন প্ৰদেশৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান আৰু বিভাগে তেওঁলোকৰ কৰ্মচাৰীসকলক শেহতীয়া মাহবোৰত স্থানীয় ব্ৰেণ্ডৰ ফোন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল। আটাইতকৈ সুৰক্ষিত বুলি গণ্য কৰা আইফোনৰ ব্যৱহাৰ কিয় নিষিদ্ধ কৰিলে চীনৰ চৰকাৰে?

চৰকাৰ বা কোনো সংস্থাই কোনো আইফোন ব্যৱহাৰকাৰীৰ আইফোন ট্ৰেক কৰিলে এপলে গ্ৰাহকলৈ এই সন্দৰ্ভত এলাৰ্ট প্ৰেৰণ কৰে। একাংশৰ মতে, এই বিশেষত্বৰ বাবে চীনে আইফোন নিষিদ্ধ কৰিছে।

চীনৰ মতে, দেশখনত আইফোনৰ ব্যৱহাৰ সীমিত কৰা হৈছে। ইয়াৰ কাৰণ হ’ল বিদেশী প্ৰযুক্তিৰ ওপৰত চীনৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা। স্থানীয় ছফ্টৱেৰৰ প্ৰচাৰ আৰু domestic semiconductor chips নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি, চীনা চৰকাৰে চৰকাৰী প্ৰতিষ্ঠান আৰু বিভাগবোৰত স্থানীয়ভাৱে নিৰ্মাণ কৰা স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে চীনৰ নিষেধাজ্ঞা সন্দৰ্ভত এপলে আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Comments (0)
Add Comment