ডাইমণ্ড চিটিত বিশ্বৰ সৰ্ববৃহৎ হীৰাৰ কাৰ্যালয় । ishan news…

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  গুজৰাটৰ চুৰাটত বিশ্বৰ সৰ্ববৃহৎ হীৰাৰ ব’ৰ্চ উদ্বোধন কৰে । বিশ্বৰ সৰ্ববৃহৎ কাৰ্যালয় হিচাপে পৰিচিত হব চুৰাটৰ হীৰাৰ বৰছ  ।ইয়াৰ ফলত চুৰাটৰ বাণিজ্য আৰু ব্যৱসায়ৰ ব্যাপক উন্নতি হব বুলি আশা কৰিছে ব্যৱসায়ী সকলে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সদৰী কৰা মতে, হীৰা আৰু হীৰাৰ গহনা আদিৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ বাবে এইটোৱেই হ’ব বিশ্বৰ সৰ্ববৃহৎ আৰু আধুনিক কেন্দ্ৰ। চুৰাট ডাইমণ্ড ব’ৰ্চত পলিচ নকৰা আৰু পলিচ কৰা দুয়োটা হীৰাৰ ব্যৱসায় হ’ব এই কেন্দ্ৰত। চুৰাট ডাইমণ্ড ব’ৰ্চত আমদানি-ৰপ্তানিৰ বাবে অত্যাধুনিক কাষ্টমছ ক্লিয়াৰেন্স হাউচ,  খুচুৰা গহনা ব্যৱসায়ৰ বাবে জুৱেলাৰী মল,  আন্তঃৰাষ্ট্ৰীয় বেংকিং সুবিধা আৰু ছেফ ভল্টৰ লগ

ইতিমধ্যে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম পঞ্জীয়ন হৈছে চুৰাট ডাইমণ্ড বুৰ্ছৰ ।  ৬৭ লাখ বৰ্গফুটত নিৰ্মাণ কৰা এই ভৱনটো নিৰ্মাণৰ বাবে প্ৰায় ৩৫০০ কোটি টকা ব্যয় কৰিছে চৰকাৰে । সমগ্ৰ অট্টালিকাটোত ১৫ মহলীয়া  ৯টা টাৱাৰ আছে। প্ৰতিটো টাৱাৰত ৩০০ বৰ্গফুটৰ পৰা ১ লাখ বৰ্গফুটলৈকে কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। ভাৰতীয় সেউজ বিল্ডিং কাউন্সিলৰ পৰা এই ভৱনটোৱে প্লেটিনাম ৰেটিং লাভ কৰিছে।

ইফালে  আজি চুৰাটৰ নতুন বিমানবন্দৰৰ টাৰ্মিনেলটোও উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টাৰ্মিনেলটোৰ নিৰ্মান ব্যয় প্ৰায় ৩৫৩ কোটি টকা। এএআইৰ অধ্যক্ষ সঞ্জীৱ কুমাৰে কয় যে, নতুন টাৰ্মিনেলটোৱে চুৰাটৰ বিমানবন্দৰৰ ক্ষমতা তিনিগুণলৈ বৃদ্ধি কৰিব। ভিৰ হোৱা সময়ত এই বিমান বন্দৰটোত ১২০০ ঘৰুৱা যাত্ৰী আৰু ৬০০ আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সহজেই অহা যোৱা কৰিব পাৰিব ।

চুৰাট বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ডাইমণ্ড চিটি হিচাপে পৰিচিত মহানগৰী খনত উলিওৱা এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment