ভাৰতত ৰাষ্ট্ৰীয় শোক পালন
কুৱেইটৰ আমিৰ শ্বেইখ নৱাফ অল-আহমেদ অল-ছাবাহ আল জাৱেৰৰ প্ৰতি সন্মান জনায় আজি ভাৰতে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে । ৮৬ বছৰ বয়সত মৃত্যু হোৱা কুৱেইটৰ আমিৰ শ্বেইখ নৱাফ অল আহমেদ অল ছাবাহ মাত্ৰ তিনি বছৰ পূৰ্বে কুৱেইটৰ আমিৰ হৈছিল। এতিয়াৰ ক্ৰাউন প্ৰিন্স শ্বেইখ মেছাল অল আহমেদ অল ছাবাহ হ’ব কুৱেইটৰ পৰৱৰ্তী আমিৰ। উল্লেখ্য যে, কুৱেইটৰ সংবিধানৰ অধীনত ক্ৰাউন প্ৰিন্স গৰাকী পৰৱৰ্তী আমিৰ হয়।
কুৱেইটৰ নতুন আমিৰ হ’ব শ্বেইখ মেছাল।
কুৱেইটৰ সংসদত শপত গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে কুৱেইটৰ নতুন আমিৰ হ’ব শ্বেইখ মেছাল। শ্বেখ মেছাল হৈছে আটাইতকৈ বয়সীয়াল ক্ৰাউন প্ৰিন্স ।ক্ষমতা লাভৰ পাছত শ্বেখ মেছালৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব চৰকাৰ আৰু সংসদৰ মাজৰ সম্পৰ্ক পৰিচালনা কৰা। উল্লেখ্য যে কুৱেইটত জনসাধাৰণে নিৰ্বাচিত কৰা গণতান্ত্ৰিক চৰকাৰ আৰু ৰাজতন্ত্ৰৰ মাজত প্ৰায়ে যুঁজ-বাগৰ হোৱা দেখা যায়।
শ্বেইখ নৱাফৰ মৃত্যুত ৪০ দিনৰ শোক
শ্বেইখ নৱাফৰ মৃত্যুত কুৱেইটত ৪০ দিনীয়া শোক পালন কৰিব আৰু তিনিদিনলৈকে সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। শ্বেখ নৱাফৰ মৃত্যুৰ কাৰণ এতিয়াও প্ৰকাশ কৰা নাই কুৱেইটে । যোৱা মাহত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে শ্বেইখ নৱাফক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শ্বেখ নৱাফৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সমগ্ৰ বিশ্বৰ নেতাসকলে। পশ্চিম এছিয়াত কুৱেইটক আমেৰিকাৰ ঘনিষ্ঠ মিত্ৰ হিচাপে গণ্য কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে শ্বেইখ নৱাফৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক আমেৰিকাৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰি কয় যে, ভৱিষ্যতেও দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী কৰি যাব।
শ্বেখ নৱাফে ২০২০ চনত আমিৰৰ মুকুট পিন্ধিছিল
২০২০ চনত শ্বেখ নৱাফে আমিৰৰ হিচাপে মুকুট পৰিধান কৰিছিল। শ্বেখ নৱাফৰ ভাতৃ শ্বেখ ছাবাহৰ মৃত্যুৰ পাছতহে শ্বেখ নৱাফ ক্ষমতালৈ আহিছিল। শ্বেখ ছাবাহে কুৱেইটত এক দশকৰো অধিক সময় শাসন কৰিছিল।