জ্ঞানবাপী মছজিদ চৌহদত কৰা জৰীপৰ প্ৰতিবেদন আজি বাৰাণসীৰ জিলা আদালতত দাখিল কৰে ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে। ছীল কৰা খামত প্ৰত্নতাত্ত্বিক বিভাগে দাখিল কৰে এই প্ৰতিবেদন। এ এছ আইয়ে আদালতত ১৫০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে বাৰাণসীৰ জিলা ন্যায়াধীশ অজয় কৃষ্ণ বিশ্বেশৰে ।এই গোচৰৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২১ ডিচেম্বৰ নিৰ্ধাৰণ কৰিছে আদালতে ।
আদালতত বন্ধ খামত প্ৰতিবেদন দাখিলৰ বিৰোধিতা কৰে হিন্দু পক্ষই। হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে কয় যে ,উচ্চতম ন্যায়ালয়ৰ নিয়ম উলংঘা হৈছে। এইটো একেবাৰে ভুল। মুছলমান পক্ষই কয় যে, এই প্ৰতিবেদন কাকো দেখুৱাব নালাগে। আমি প্ৰতিবেদনৰ প্ৰতিলিপিৰ বাবে আবেদন কৰিছো। সকলো পক্ষই প্ৰতিবেদনৰ প্ৰতিলিপি লাভ কৰিব । ২১ তাৰিখলৈ অপেক্ষা কৰি তাৰ পাছত প্ৰতিবেদনৰ প্ৰতিলিপি চায় যেন ।
উত্তৰ প্ৰদেশৰ বাৰাণসীৰ জ্ঞানবাপী মছজিদ আৰু কাশী বিশ্বনাথ মন্দিৰক লৈ দীৰ্ঘদিনৰ পৰা হিন্দু আৰু মুছলমান পক্ষৰ মাজত জটিল আইনী বিবাদ চলি আহিছে । ১৯৯১ চনত হিন্দু পক্ষই দাখিল কৰা আবেদনৰ ভিওিত এই গোচৰ আৰম্ভ হৈছিল। মোগল সম্ৰাট ঔৰংজেৱৰ নিৰ্দেশত ভগৱান বিশ্বনাথ মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পাছত মছজিদ চৌহদৰ অধিকাৰক লৈ আইনী যুঁজ আৰম্ভ হয় দুই পক্ষৰ মাজত ।
হিন্দু পক্ষই জ্ঞানবাপী মছজিদ চৌহদৰ বাহিৰৰ দেৱালত হিন্দু দেৱতাক পূজা কৰাৰ অনুমতি বিচাৰিছে ।ইফালে মুছলমান পক্ষই জ্ঞানবাপী মছজিদৰ ভিতৰত মূৰ্তিৰ টুকুৰা বিচাৰি পোৱা বুলি হিন্দু পক্ষই কৰা দাবী নাকচ কৰিছে।