জেললৈ যাব নেকি  অৰবিন্দ কেজৰিৱাল !

ED ৰ চমন কেজৰিৱাললৈ

দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ ED ৰ চমন । দিল্লীৰ সুৰা নীতিৰ লগত জড়িত ধন সৰবৰাহৰ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে  ২১ ডিচেম্বৰত ED ৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ জাননী প্ৰেৰণ কৰিছে ইডিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২ নৱেম্বৰত ইডিয়ে অৰবিন্দ কেজৰিৱাললৈ সোধা-পোছাৰ বাবে জাননী প্ৰেৰণ কৰিছিল ।অৰবিন্দ কেজৰিৱালে সেই জাননীখন অবৈধ বুলি অভিহিত কৰি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছিল। সেইদিনা কেজৰিৱালে মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ৰোড শ্ব’ত অংশ গ্ৰহণ কৰিছিল।

যি সময়ত অৰবিন্দ কেজৰিৱাল বিপাচনা মেডিটেচন কেন্দ্ৰলৈ যাবলৈ ওলাইছে সেই সময়তে ED য়ে এই চমন প্ৰেৰণ কৰিছে অৰবিন্দ কেজৰিৱাললৈ। সংবাদ সংস্থাৰ খবৰ মতে, কেজৰিৱালে ১০ দিনীয়া বিপাসনা ধ্যান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।দিল্লী বিধানসভাৰ শীতকালীন অধিৱেশন শেষ হোৱাৰ এদিন পাছত মঙলবাৰে অৰ্থাত ১৯ ডিচেম্বৰত দিল্লী এৰিব কেজৰিৱালে। দীৰ্ঘদিন ধৰি বিপাসনাত অনুশীলন কৰি আহিছে  মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, দিল্লীৰ আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ন্যায়িক জিম্মাত আছে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। আন অভিযুক্তৰ জেৰাৰ ভিত্তিত ইডিয়ে কেজৰিৱালক জেৰা কৰিবলৈ বিচাৰিছে।

দিল্লীৰ আবকাৰী নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ নেতাৰ বিৰুদ্ধে কৰা এনে কাৰ্যক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে আপে । আপৰ মতে ৰাজনৈতিক প্ৰতিশোধৰ বাবে বিজেপিয়ে দলটোক ধ্বংস কৰিব বিচাৰিছে।

Comments (0)
Add Comment