WHO ৰ সতৰ্কবাণী ।
শীতকাল আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন দেশত পুনৰ বাঢ়িছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।ভাৰতত বিগত ২৪ ঘন্টাত ক’ৰোনাত আক্ৰান্ত হৈ ৫ জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘন্টাত দেশত ৩৩৫ জন লোক নতুনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৫জনৰ মৃত্যু হৈছে। বৰ্তমান সমগ্ৰ দেশতে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৭০১ জন ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেওবাৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৫ জন লোকৰ ভিতৰত চাৰিজনেই কেৰালাৰ বাসিন্দা। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশত আন এজনৰ মৃত্যু হৈছে। কেৰালাত কৰ’নাত আক্ৰান্ত সকলৰ এজন কৰ’নাৰ নতুন ভেৰিয়েণ্ট JN.1 ত আক্ৰান্ত হৈছে।
কৰ’নাৰ নতুন ভেৰিয়েণ্ট Jn.1 যোৱা ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে আমেৰিকাত পোৱা গৈছিল । তেতিয়াৰ পৰা এই ভাইৰাছৰ ভিন্নতা থকা কেইবাজনো ৰোগী ধৰা পৰিছে । শেহতীয়াকৈ চীনতো JN.1 চিন্তাৰ কাৰণ হৈ পৰিছে। এই সন্দৰ্ভত শেহতীয়াকৈ ভাৰতকো সকীয়নি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইতিমধ্যে বিভিন্ন দেশক এই ক্ষেত্ৰত সাৱধান কৰি দিছে WHO য়ে ।
WHOৰ মতে, ৬৮ শতাংশ কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ শৰীৰত এক্সবিবি থাকে। সেইসকল ৰোগীৰ শৰীৰৰ আন অংশত JN.1 ৰো আক্ৰমণ আৰম্ভ হয় । শীতকালত এই ৰোগৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই।