লোকসভাত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে আজি ৩৩ গৰাকী সাংসদক নিলম্বন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । নিলম্বিত সাংসদসকলৰ ভিতৰত আছে সাংসদ তথা কংগ্ৰেছ সংসদীয় দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী।
সোমবাৰে সংসদৰ নিৰাপত্তা ব্যৱস্থাক লৈ বিৰোধী দলসমূহে লোকসভা আৰু ৰাজ্যসভাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি ৩৩ জন সাংসদক লোকসভাৰ শীতকালীন অধিৱেশনৰ পৰা নিলম্বন কৰে।যোৱা সপ্তাহত ১৩ জন সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণৰ মাজতে বিৰোধী সাংসদসকলে নতুন সংসদ ভৱনৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে সদনত চিঞৰ-বাখৰ আৰম্ভ কৰে । প্ৰথমে অধ্যক্ষই সদনৰ কাম-কাজ বিয়লি ২:৪৫ বজালৈ, তাৰ পাছত ৩:০০ বজালৈকে স্থগিত ৰাখে । ইয়াৰ পাছতো পৰিস্থিতি উত্তপ্ত হোৱাত অধ্যক্ষই অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি ৩০জনৰো অধিক সাংসদক নিলম্বন কৰে। ২২ ডিচেম্বৰলৈকে চলিব লগীয়া শীতকালীন অধিৱেশনত নিলম্বিত সাংসদ সকল উপস্থিত থাকিব নোৱাৰিব।
সদনৰ গোচৰক অৱমাননা কৰি যোৱা সপ্তাহত নিলম্বিত হোৱা লোকসভাৰ ১৩ গৰাকী সদস্যৰ একাংশই সোমবাৰে সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি সংসদৰ নিৰাপত্তাজনিত ত্ৰুটিৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতি দাবী কৰে।