ক্ৰিকেট প্ৰেমীয়ে অধিৰ আগ্ৰহেৰে ৰৈ থকা বহু প্ৰত্যাশিত আই পি এল ২০২৪ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া কিছু সময় পিছতেই আৰম্ভ হ’ব। এইবাৰ দেশৰ বাহিৰত, ডুবাইত অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম।
নিলামত বহু খেলুৱৈৰ ভাগ্য নিশাটোৰ ভিতৰতে সলনি হৈ আহিছে। এইবাৰো বহু খেলুৱৈৰ ওপৰত ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
২০২৪ৰ নিলামৰ পূৰ্বে জানো আহক আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈৰ তালিকাখন
১৮.৫ কোটি – ছেম কাৰেণ (ইংলেণ্ড)- পঞ্জাৱ কিংছ – ২০২৩
১৬.২৫ কোটি – ক্ৰীছ মৰিছ (দক্ষিণ আফ্ৰিকা) – ৰাজস্থান ৰয়েলছ – ২০২১
১৬ কোটি – যুৱৰাজ সিং (ভাৰত) – দিল্লী ডেয়াৰডেভিলছ (দিল্লী কেপিটেলছ) – ২০১৫
১৫.৫ কোটি – পেট কামিন্স (অষ্ট্ৰেলিয়া) – কলকাতা নাইট ৰাইডাৰ্ছ – ২০২০
১৫.২৫ কোটি – ঈশান কিষাণ (ভাৰত) – মুম্বাই ইণ্ডিয়ানছ – ২০২২
১৪.৫ কোটি – বেন ষ্টোকছ (ইংলেণ্ড) – ৰাইজিং পুনে ছুপাৰজায়েন্টছ – ২০১৭
১৪ কোটি – যুৱৰাজ সিং (ভাৰত) – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – ২০১৪
১২.৫ কোটি – বেন ষ্টোকছ (ইংলেণ্ড) – ৰাজস্থান ৰয়েলছ – ২০১৮
৯.৫ কোটি – শ্বেন ৱাটছন (অষ্ট্ৰেলিয়া) – ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – ২০১৬
৮.৪ কোটি – জয়দেৱ উনাদকাট (ভাৰত) – ৰাজস্থান ৰয়েলছ – ২০১৯
৮.৪ কোটি – বৰুণ চক্ৰৱৰ্তী (ভাৰত) – কিংছ ইলেভেন পঞ্জাৱ (পূৰ্বৰ পঞ্জাৱ কিংছ) – ২০১৯
উল্লেখ্য যে, ২০২৪ বৰ্ষৰ নিলামৰ তালিকাত আছে ৩৩৩ গৰাকী ক্ৰিকেটাৰ। ইয়াৰে সৰ্বাধিক ৭৭ গৰাকী ক্ৰিকেটাৰ ভাগ্য উদয় হোৱাৰ সম্ভাৱনা আছে।