কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী !

বিৰোধী মিত্ৰজোঁট ‘INDIA’ৰ বৈঠকত  বিৰোধীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ নাম বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিৰোধী মিত্ৰজোঁট ‘INDIA’ৰ বৈঠকত   প্ৰস্তাৱ কৰে। জানিব পৰা মতে এই প্ৰস্তাৱ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে সমৰ্থন জনায়।

তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰস্তাৱ সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গে কয় যে, আমি নিৰ্বাচনত জয়ী হোৱাৰ ওপৰতহে গুৰুত্ব দিব লাগে।লগতে খৰ্গে কয় যে , ‘সকলোৱে একেলগে কাম কৰিব লাগে আৰু আসন ভাগ-বতৰা সন্দৰ্ভত ইজনে সিজনৰ লগত সমিলমিলেৰে  কৰিব লাগে । যদি কৰিব নোৱাৰে তেন্তে I.N.D.I.A মিত্ৰজোঁটৰ হৈ ৰাইজে সিদ্ধান্ত ল’ব। সাংসদ নহ’লে প্ৰধানমন্ত্ৰীৰ কথা ভবি কি লাভ বুলিও কয় খৰ্গে ? গতিকে আমি যুজিব লাগিব আৰু প্ৰথমে বিজয়ী হৈ ওলাই আহিব লাগিব।

নতুন দিল্লীৰ অশোকা হোটেলত অনুষ্ঠিত এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু সংগঠনৰ সাধাৰণ সম্পাদক কে, চি বেনুগোপাল, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু জে ,ডি, ইউ ৰ  ৰাজীৱ ৰঞ্জন সিং, তৃণমূল কংগ্ৰেছৰ পৰা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী , ডি এম কেৰ পৰা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম, কে ষ্টেলিন,  শিৱসেনাৰ পৰা উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰে, পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ পৰা মেহবুবা মুফতি, আপনা দল (কে)ৰ পৰা কৃষ্ণ পেটেল আৰু পল্লৱ পেটেলৰ লগতে বহু কেইগৰাকী নেতাই বিৰোধী মিত্ৰজোঁট ‘INDIA’ৰ বৈঠকত  অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment