অহা মাহৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে চৰকাৰক পদত্যাগ কৰাৰ দাবীত হেঁচা প্ৰয়োগ কৰিবলৈ বিৰোধীয়ে আহ্বান জনোৱা দেশজুৰি ধৰ্মঘটৰ সময়তে মঙলবাৰে বাংলাদেশত সংঘটিত হয় ভয়ংকৰ ঘটনা।
ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হয়, য’ত এগৰাকী মাতৃ আৰু সন্তানো আছে।
অহা বছৰৰ ৭ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক কেন্দ্ৰ কৰি বাংলাদেশত চলি আছে ৰাজনৈতিক অস্থিৰতা।
মূল বিৰোধী ৰাজনৈতিক দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ নিৰ্বাচন বৰ্জন আৰু নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনী সময়সূচীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি দেশজোৰা বন্ধৰ আহ্বান জনাইছিল।
অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া শ্বাহজাহান শিকদাৰে কয় যে ধৰ্মঘটৰ সমৰ্থকে এক্সপ্ৰেছ ট্ৰেইনৰ তিনিটা ডবাত জুই লগাই দিয়ে। এটা কম্পাৰ্টমেণ্টৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
নিহতসকলৰ ভিতৰত এগৰাকী ৩২ বছৰীয়া মহিলা আৰু তেওঁৰ তিনি বছৰীয়া পুত্ৰও আছে।
উত্তৰ জিলা নেট্ৰ’ক’নাৰ পৰা ৰাজধানী ঢাকা অভিমুখে যোৱা ৰে’লখন গন্তব্যস্থানৰ পৰা কিছু দূৰ যোৱাৰ পিছতে যাত্ৰীসকলে ৰে’লখনত জুই লগা দেখিছিল।
উল্লেখ্য যে, যোৱা কেইমাহমানৰ ভিতৰত ৰে’লত অগ্নিসংযোগৰ এইটো পঞ্চমটো ঘটনা।