ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকে লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী  

নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাত ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ নৱ নিৰ্মিত ৰাম  মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে । এই অনুষ্ঠানৰ বাবে দেশৰ বহু বিখ্যাত আৰু ডাঙৰ ডাঙৰ নেতালৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।কিন্তু এই অনুষ্ঠানত উপস্থিত নাথাকে বিজেপিৰ জ্যেষ্ঠ নেতা তথা  প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী ।  

মুকলিৰ বাবে প্ৰায় সাজু হৈ উঠিছে আটক ধুনীয়াকৈ নিৰ্মান কৰা অযোধ্যাৰ ৰাম মন্দিৰ ।ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত উপস্থিত থাকিব আধ্যাত্মিক গুৰু দালাই লামা,  কেৰেলাৰ পৰা অমৃতানন্দময়ী,  বাবা ৰামদেৱ,  ৰজনীকান্ত,  অমিতাভ বচ্চন,  মাধুৰী দীক্ষিত,  অৰুণ গোভিল,  মধু ভাণ্ডাৰকাৰ,  মুকেশ আম্বানী,  অনিল আম্বানী,  বাসুদেৱ কামাত,  ইছৰোৰ নীলেশ দেশাই আদিৰ লগতে বহু বিখ্যাত ব্যক্তিয়ে । কিন্তু বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী এই অনুষ্ঠানত উপস্থিত নাথাকে ।

বিজেপিৰ জ্যেষ্ঠ নেতা ‘লাল কৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকে বুলি ক’লে  ৰাম জনমভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে  । চম্পট ৰায়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, লাল কৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ বাবে এতিয়া বয়স আৰু স্বাস্থ্যই বাধাৰ কাৰণ হৈ উঠিছে । বৰ্তমান লাল কৃষ্ণ আদৱানীৰ বয়স ৯৬ বছৰ আৰু মুৰলী মনোহৰ যোশীৰ বয়স প্ৰায় ৯০ বছৰ।সেয়েহে দুয়ো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা  অনুষ্ঠানত উপস্থিত নাথাকে।আমি দুয়োকে অনুষ্ঠানত উপস্থিত নাথাকিবলৈ কৰা অনুৰোধ দুয়ো গৰাকী জ্যেষ্ঠ নেতাই মানি লৈছে ।উল্লেখ্য যে, ৰাম মন্দিৰ আন্দোলনৰ আগশাৰী নেতা আছিল বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদবানী আৰু মুৰলী মনোহৰ যোশী।

Comments (0)
Add Comment