পেট কামিন্সৰ অভিলেখ ভংগৰে মিচেল ষ্টাৰ্ক IPL-ৰ আটাইতকৈ দামী খেলুৱৈ

IPL ৰ ২০২৪ৰ নিলামত আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মিচেল ষ্টাৰ্ক। আজি  হোৱা নিলামত কম সময়ৰ ভিতৰতে পেট কামিন্সৰ অভিলেখ ভংগ কৰে মিচেল ষ্টাৰ্কে।

অষ্ট্ৰেলিয়া দলৰ অধিনায়ক পেট কামিন্সক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০ কোটি ৫০ লাখ টকাত ক্ৰয় কৰাৰ পাছতে কলকাতা নাইট ৰাইডাৰ্ছে ২৪ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰে মিচেল ষ্টাৰ্কে। আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মিচেল ষ্টাৰ্ক।

আলজাৰী যোচেফক ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ১১ কোটি ৫০ লাখ টকাত ক্ৰয় কৰে। ইয়াৰ উপৰি উমেশ যাদৱক গুজৰাট টাইটানছে ৫ কোটি ৮০ লাখ টকাত ক্ৰয় কৰিছে।

ভাৰতীয় খেলুৱৈ হৰ্ষল পেটেলক পঞ্জাবে ১১ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰাৰ বিপৰীতে ডেৰেল মিচেলক চেন্নাই ছুপাৰ কিংছে ১৪ কোটি টকাত ক্ৰয় কৰিছে।

নিলামৰ প্ৰথম ৰাউণ্ডত ৰোমান পাৱেলৰ বিৰুদ্ধে প্ৰথম দৰদাম কৰা হয়, যিজনক ৰাজস্থান ৰয়েলছে ৭.৪০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰে । আনহাতে হেৰী ব্ৰুকক দিল্লী কেপিটেলছে ৪ কোটি টকাত ক্ৰয় কৰিছে।

ট্ৰেভিছ হেডক ছানৰাইজাৰ্ছ হায়দৰাবাদে ৬ কোটি ৮০ লাখ টকাত ক্ৰয় কৰে। কৰুণ নায়াৰ,  মনীষ পাণ্ডে,  ষ্টিভ স্মিথ আৰু দক্ষিণ আফ্ৰিকাৰ ৰাইলী ৰাউজীক বিক্ৰী নোহোৱাকৈয়ে থাকি গল।

এইবাৰ মুঠ ৩৩২ গৰাকী খেলুৱৈক নিলামৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে , য’ত ভাৰতীয় বলাৰ উমেশ যাদৱ, হৰ্শাল পেটেল আৰু শাৰদুল ঠাকুৰকো অন্তৰ্ভুক্ত কৰা হৈছে। যিসকলক সৰ্বোচ্চ ভিত্তি মূল্যৰ শিতানত স্থান দিয়া হৈছে ২ কোটি টকা।

আই পি এল গভৰ্নিং কাউন্সিলে ফ্ৰেঞ্চাইজিলৈ ১১৬৬ জন খেলুৱৈৰ তালিকা দাখিল কৰিছিল। ফ্ৰেঞ্চাইজিৰ পৰামৰ্শৰ পাছত খেলুৱৈৰ সংখ্যা ৩৩৩ জনলৈ হ্ৰাস কৰা হয়। ইয়াৰে ২১৪জন ভাৰতীয় আৰু ১১৯জন বিদেশী খেলুৱৈ। এই নিলামত ১০ টা  ফ্ৰেঞ্চাইজিয়ে মুঠ ২৬২.৯৫ কোটি টকা ব্যয় কৰিব পাৰিব।

Comments (0)
Add Comment