জন্মদিনৰ চাৰিদিন পূৰ্বে কোটিপতি হ’ল ঝাৰখণ্ডৰ এইগৰাকী বেগী বলাৰ। ISHAN NEWS…

আই পি এলৰ আগন্তুক ছিজনত দেখা পোৱা যাব ঝাৰখণ্ডৰ ৩ গৰাকী খেলুৱৈক। এই ৩ জন খেলুৱৈৰ ভিতৰত সৰ্বাধিক দৰত বিক্ৰী হৈছে কুমাৰ কুশাগ্ৰ।

কুমাৰ কুশাগ্ৰক দিল্লী কেপিটেলছে ৭.২০ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে গুজৰাটে ৰবিন মিঞ্জৰ বাবে ৩.৬০ কোটি টকা ব্যয় কৰিছে।

ইয়াৰ উপৰিও গুজৰাটে সুশান্ত মিশ্ৰকো ২.২০ কোটি টকাত ক্ৰয় কৰিছে। আই পি এলৰ গুজৰাট টাইটানছত বেগী বলাৰ হিচাপে নিৰ্বাচিত হৈছে ৰাঁচীৰ ২৩ বছৰীয়া সুশান্ত মিশ্ৰ।

গুজৰাটৰ হৈ বলিঙৰ দায়িত্ব ল’ব সুশান্ত পেছে। প্ৰথমবাৰৰ বাবে আই পি এলত সুযোগ পোৱাৰ পিছত সুশান্তৰ ঘৰত এতিয়া আনন্দময় পৰিবেশ।

সুশান্তৰ পিতৃ সমীৰ মিশ্ৰই কয় যে তেওঁ চলিত মাহৰ ২৩ তাৰিখে ২৩ বছৰ সম্পূৰ্ণ কৰিব আৰু ভগৱানে তেওঁক এয়া দিছে উপহাৰ। কঠোৰ পৰিশ্ৰমৰ অন্তত তেওঁ এই সফলতা লাভ কৰিছে।

১২ বছৰ বয়সৰ পৰাই তেওঁ ক্ৰিকেট খেলা আৰম্ভ কৰিছিল আৰু তেওঁৰ ক্ৰিকেটৰ প্ৰতি থকা ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি পিতৃয়ে তেওঁক এখন স্থানীয় একাডেমিত নামভৰ্তি কৰি দিয়ে।

২০১৯ চনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ্বৰ হৈ এছিয়া কাপ আৰু বিশ্বকাপ খেলিছিল। ২০২০ চনত আৰচিবিৰ নেট বলাৰ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ২০২২ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০ লাখ টকাৰ বেচ প্ৰাইছত তেওঁক ক্ৰয় কৰিছিল।

এইবাৰ গুজৰাট টাইটানছ দলত খেলাৰ সুযোগ পাব বুলি আশাবাদী ক্ৰিকেটাৰগৰাকী।

Comments (0)
Add Comment