আমেৰিকাৰ ক’লৰাড’ৰ ৰাজ্যিক উচ্চতম ন্যায়ালয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য ঘোষণা কৰিছে । ক’লৰাড’ৰ ৰিপাব্লিকান দলৰ প্ৰাৰম্ভিক নিৰ্বাচনত অংশগ্ৰহণ কৰাতো ডোনাল্ড ট্ৰাম্পক নিষেধাজ্ঞা আৰোপ কৰিছে আদালতে। ২০২১ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ সংসদত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে আদালতে ট্ৰাম্পক জগৰীয়া কৰিছে।
আন্তৰাষ্ট্ৰীয় সংবাদ সঁস্থাৰ প্ৰতিবেদন অনুসৰি ক’লৰাড’ৰ উচ্চতম ন্যায়ালয়ে ৪-৩ৰ সংখ্যাগৰিষ্ঠতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ইতিহাসত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে হোৱাইট হাউছৰ দৌৰত যোগদানৰ পূৰ্বে অযোগ্য ঘোষণা কৰিছে ।জানিব পৰা মতে আদালতৰ এই সিদ্ধান্ত ২০২৪ চনৰ ৫ মাৰ্চত ক’লৰাড’ত অনুষ্ঠিত হ’বলগীয়া ৰিপাব্লিকান দলৰ প্ৰাৰম্ভিক নিৰ্বাচনতো প্ৰযোজ্য হ’ব। ২০২৪ চনৰ ৫ নৱেম্বৰত আমেৰিকাৰ সাধাৰণ নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
নিউয়ৰ্ক টাইমছৰ মতে, ২০২৪ চনৰ ৪ জানুৱাৰীৰ ভিতৰত ক’লৰাডো উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰিব ।
জো বাইডেনৰ বিৰুদ্ধে অভিযোগ
ক’লৰাডো আদালতৰ এই সিদ্ধান্তৰ পিছত আইঅ’ৱাত অনুষ্ঠিত এখন বৈঠকত ট্ৰাম্পে কয় যে এই সিদ্ধান্তত বাইডেনৰ হাত আছে। নিৰ্বাচনত ব্যাঘাত জন্মাব বিচাৰিছে জো বাইডেনে । আনকি তেওঁ নিজৰ জয়ৰ বাবে আমেৰিকাৰ সংবিধান উলংঘা কৰিবলৈও সাজু। ট্ৰাম্পে দাবী কৰে যে, বাইডেনে নিৰ্বাচনত বেয়াকৈ পৰাস্ত হব, সেয়েহে তেওঁ নিৰ্বাচনত ব্যাঘাত জন্মাবলৈ আইন প্ৰয়োগকাৰী সংস্থাক অস্ত্ৰৰে সজ্জিত কৰিছে।