ৰাজু সাহা নামৰ এজন ই-ৰিক্সা চালকে লাভ কৰিলে ১৮লাখ টকীয়া Mahindra XUV 700 (MX MT5)
বৰপেটাৰোড ৰাস-মন্দিৰ উন্নয়ণকল্পে আয়োজিত উপহাৰ পত্ৰ খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে বৰপেটাৰোডৰ বাবুপাৰাৰ ই-ৰিক্সা চালক ৰাজু সাহাই। ৫০টকাৰ বিনিময়ত লাভ কৰিলে ১৮লাখ টকীয়া Mahindra XUV 700 (MX MT5) বাহন।
বৰপেটাৰোড ৰাস-মন্দিৰ উন্নয়ণকল্পে আয়োজিত উপহাৰ পত্ৰ খেলত আছিল কেইবাখনো বিলাসী বাহন। যোৱা ১৪ ডিচেম্বৰতেই উপহাৰ পত্ৰ খেলৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও ৰাজুৰ ঘৰত ভনীয়েকৰ বিয়াৰ থকাৰ বাবে ৰাজুই মিলোৱা নাছিল লটাৰীৰ ৰিজাল্ট। অৱশেষত প্ৰথম পুৰস্কাৰ লাভ কৰি উৎফুল্লিত হৈ পৰে ই-ৰিক্সা চালক ৰাজু সাহা। ই-ৰিক্সা চলাই জীৱন নির্বাহ কৰিছিল ৰাজু সাহাই। চালকজনে পুৰস্কাৰ হিচাপে লাভ কৰা বাহনখন বিক্ৰী কৰি মাটি কিনি নিজৰ ঘৰত থাকিব বুলি জনায়। ই-ৰিক্সা চালক ৰাজু সাহাৰ উপহাৰ পত্ৰখনৰ নম্বৰ আছিল-317524 যিটো প্ৰথম পুৰস্কাৰ হিচাপে ঘোষণা কৰিছিল বৰপেটাৰোড ৰাস-মন্দিৰ উন্নয়ণকল্পে আয়োজিত উপহাৰ পত্ৰৰ খেলত।