IPL ৰ বাবেই ভাগ্য সলনি হল নাগপুৰৰ ক্ৰিকেটাৰ শুভম ডুবেৰ

IPL ৰ বাবেই ভাগ্য সলনি হল নাগপুৰৰ ক্ৰিকেটাৰ শুভম ডুবেৰ । IPL ৰ নীলামত ৫ কোটি ৮০ লাখ টকাত  বিক্ৰী  হল  শুভম ডুবে । আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অখ্যাত হলেও দেশীয় ক্ৰিকেটত সুখ্যাতি অৰ্জন কৰা এইগৰাকী যুৱ ক্ৰিকেটাৰৰ দাম এইবাৰ দাম বাঢ়িল ২৯ গুণ।

পূৰ্বৰ ২০ লাখ টকাৰ পৰা এইবাৰ IPL ৰ  নিলামত শুভম ডুবেৰ দাম উঠিল ৫ কোটি ৮০ লাখ টকা। চৈয়দ মুস্তাক আলী ট্ৰফীত এই গৰাকী  বাওঁহতীয়া বেটছমেনে ৭ ইনিংছত ২২১ ৰান সংগ্ৰহ কৰিছিল। বংগৰ বিৰুদ্ধে ২১৩ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰাত গুৰুত্বপূৰ্ম ভূমিকা পালন কৰিছিল।

যোৱাবাৰ  আই পি এলৰ নিলামৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল শুভম। গতিকে সেই সময়ত কোনেও তেওঁক দলত স্থান দিয়া নাছিল । কিন্তু এইবাৰ ৰাজস্থানে শুভমক নিৰাশ নকৰিলে। নিলামত ৫ কোটি ৮০ লাখ টকাত শুভমক ক্ৰয় কৰে ৰাজস্থানে । কেৱল ৰাজস্থানেই নহয়, আন বহু দলে শুভমক দলত ল’বলৈ সাজু আছিল

Comments (0)
Add Comment