দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২০ ডিচেম্বৰত কেৰালাত ৩০০ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে তিনিজনৰ মৃত্যু হৈছে । শেহতীয়াকৈ দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ২৬৬৯লৈ বৃদ্ধি পাইছে।
স্বাস্থ্য বিশেষজ্ঞৰ, মতে দেশত ক’ৰ’না সম্পূৰ্ণৰূপে নিৰ্মূল নহলেও এই ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাইছে। ইফালে ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰো পূৰ্বতকৈ যথেষ্ট হ্ৰাস পাইছে । বিশিষ্ট চিকিতসক ডাঃ শ্ৰীজিৎ এন, কুমাৰে কয় যে, কৰ’না এতিয়া যিকোনো ইনফ্লুৱেঞ্জা বা আন সাধাৰণ চৰ্দিৰ দৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মানসুখ মাণ্ডবিয়াই বুধবাৰে দেশৰ শেহতীয়া ক’ভিড-১৯ৰ পৰিস্থিতি আৰু ক’ভিড-১৯ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে জনস্বাস্থ্য ব্যৱস্থাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। শেহতীয়াকৈ কেইখনমান ৰাজ্যত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়।
পৰ্যালোচনা বৈঠকত পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মানসুখ মাণ্ডবিয়াই কৰ’নাৰ নতুন ভেৰিয়েণ্টৰ সন্দৰ্ভত সজাগ আৰু সাজু হোৱাৰ ক্ষেত্ৰত গুৰুত্বৰ আৰোপ কৰে। লগতে ক’ভিড-১৯ৰ নতুন ভেৰিয়েন্টৰ বিৰুদ্ধে সজাগ আৰু সাজু হৈ থকাটো জৰুৰী বুলিও উল্লেখ কৰে ।