গাজাত ইজৰাইলে চলোৱা আক্ৰমণৰ প্ৰতিশোধ! ছিৰিয়াৰ পাছত ইৰাকত আক্ৰমণৰ বলি আমেৰিকা। একাংশ ইছলামিক সংগঠনে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আমেৰিকাক। এইবাৰ ইৰাকত আমেৰিকান সেনাৰ বেছত আক্ৰমণ। ক্ৰমাত্ বিশ্বৰ অন্য প্ৰান্তলৈ বিয়পিছে হামাছ-ইজৰাইলৰ যুদ্ধ। ৰেড ছিত হুথী, হিজবুল্লাহ বাহিনীয়ে ধাৰাবাহিকভাৱে ইজৰাইল-আমেৰিকাৰ জাহাজত আক্ৰমণ চলাই আহিছে। এইবাৰ ইৰাকত থকা আমেৰিকাৰ সেনাৰ বেছৰ এন অল আছাদত আক্ৰমণ চলালে ইছলামিক সংগঠনে। লেবাননৰ সংবাদ মাধ্যম ‘Al-Mayadeen’ৰ এক খবৰমতে, আক্ৰমণত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকা।
কেইদিনমান আগতে, ইৰাকৰ ইছলামিক সংগঠনে ছিৰিয়াৰ আল-হাচাকা চহৰৰ আল-ছাদ্দীৰ আমেৰিকাৰ ঘাটিত ড্ৰোনৰ সহায়ত আক্ৰমণ চলাইছিল। এইবাৰ ইৰাকৰ ইছলামিক ইছলামিক সংগঠনে পশ্চিম ইৰাকৰ এন আল-আছাদ ঘাটিত ড্ৰোনৰ সহায়ত আক্ৰমণ চলাইছে। আমেৰিকাৰ সামৰিক বিষয়া এগৰাকীৰ মতে, যোৱা ১৭ অক্টোবৰৰ পৰা ১৩ ডিচেম্বৰলৈ ইৰাক আৰু ছিৰিয়াত আমেৰিকা আৰু মিত্ৰজোঁটৰ বাহিনীৰ ওপৰত কমেও ৯৭ টা আক্ৰমণ সংঘটিত হৈছে।